অসম

assam

ETV Bharat / state

শ্বেতা আগৰৱালা হত্যাকাৰীক ফাঁচীৰ ৰায়দানঃ আদালতৰ ৰায়ত আনন্দিত তদন্তকাৰী বিষয়া ৰ'জি কলিতা

জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে শ্বেতা আগৰৱালা হত্যাকাণ্ড সন্দৰ্ভত দিয়া ঐতিহাসিক ৰায়ত আনন্দিত তদন্তকাৰী বিষয়া তথা বৰ্তমানৰ নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জি কলিতা ৷ হত্যাকাৰীৰ পক্ষই বহু তথ্য আৰু প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ তদন্তকাৰী দলৰ তৎপৰতাত শ্বেতাৰ পৰিয়ালে অৱশেষত পালে ন্যায় ৷

By

Published : Aug 3, 2019, 6:14 PM IST

Updated : Aug 3, 2019, 6:55 PM IST

আদালতৰ ৰায়ত আনন্দিত তদন্তকাৰী বিষয়া ৰজি কলিতা

নগাঁও,3আগষ্ট : শনিবাৰে শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ঐতিহাসিক ৰায় দিলে জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ৷ মূল অভিযুক্ত গোবিন্দ সিংঘালক ফাঁচিৰ লগতে গোৱিন্দৰ মাতৃ আৰু ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে আদালতে ৷ আদালতৰ এই ৰায়ত তদন্তকাৰী বিষয়া তথা বৰ্তমানৰ নগাওঁ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জি কলিতাই আনন্দিত হৈ সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷

আদালতৰ ৰায়ত আনন্দিত তদন্তকাৰী বিষয়া ৰজি কলিতা


উল্লেখ্য যে, 2017 চনৰ 4 ডিচেম্বৰত প্ৰেমিক গোৱিন্দ সিংহালে মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানী সিংগালৰ সৈতে নিজ গৃহতে শ্বেতাক হত্যা কৰি জুই লগায় দিছিল ৷ আৰক্ষীয়ে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰিছিল শ্বেতাৰ মৃতদেহ ৷ এই ঘটনাৰ পাছতে ৰাজ্যত সৃষ্টি হৈছিল চাঞ্চল্যৰ ৷ প্ৰেমিক গোৱিন্দক ফাঁচীৰ দাবী জনাইছিল মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ লগতে একাংশ জনসাধাৰণে ৷ ৰুজু হৈছিল গোচৰ,অব্যাহত আছিল তদন্ত ৷ মাত্ৰ দুই মাহ ১৩ দিনৰ ভিতৰতে আৰক্ষীয়ে গোচৰটোৰ অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল আৰু অভিযোগনামাৰ পৃষ্ঠাই-পৃষ্ঠাই আৰক্ষীয়ে সন্নিবিষ্ট কৰিছিল সংগ্ৰহ কৰা সকলো তথ্য ৷ হত্যাকাৰীৰ পক্ষই বহু তথ্য আৰু প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ তদন্তকাৰী দলৰ তৎপৰতাত ব্যৰ্থ হৈছিল সকলো ৷ অৱশেষত ২০১৭চনৰ ৪ডিচেম্বৰত সংঘটিত এই নৃশংস হত্যাকাণ্ডৰ ন্যায় পালে শ্বেতাৰ পৰিয়ালে ।

Last Updated : Aug 3, 2019, 6:55 PM IST

ABOUT THE AUTHOR

...view details