কলিয়াবৰ, 31 মাৰ্চ :ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত নগাঁৱৰ সুদক্ষ আৰক্ষী বিষয়া বাবুল আলী আৰু নাই ৷ বুধবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ (Police officer Babul Ali passes away)। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল আৰক্ষী বিষয়াগৰাকী । সাহসী আৰক্ষী বিষয়া বাবুল আলিৰ ঘৰ কলিয়াবৰৰ জয়ন্তীপুৰত ।
বুধবাৰে নিশা প্ৰয়াত আৰক্ষী বিষয়াগৰাকীৰ নশ্বৰদেহ গৃহভূমি কলিয়াবৰৰ জয়ন্তীপুৰলৈ অনাৰ পাচতেই শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত । বুধবাৰে নগাঁও পুলিচ ৰিজাৰ্ভতো শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰক্ষী বিষয়া বাবুল আলীক । বৃহস্পতিবাৰে পুৱা জানাজা সম্পন্ন কৰে প্ৰয়াত আৰক্ষী বিষয়াগৰাকীৰ (Police officer Babul Ali's funeral completed in Kaliabor) । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ ।
উল্লেখ্য যে, ১৯৯৭ চনত নগাঁও জিলাত আলফা উগ্ৰপন্থীৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ সময়ত বৰ্ষটোৰ সাত ডিচেম্বৰত, তেতিয়াৰ নগাঁৱৰ আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পলাশনিত আলফাৰ দ্বাৰা এক ভয়ংকৰ আক্ৰমণৰ বলি হৈছিল । সেইদিনা আলফাৰ আক্ৰমণত আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ গুৰুতৰভাৱে আহত হৈছিল ।