নগাঁও, 10 অক্টোবৰ :শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ পূজাক লৈ ৰাজ্যবাসীৰ মনত যিমানেই উৎকণ্ঠা বৃদ্ধি পাইছে, সিমানেই নিৰাপত্তাৰ ক্ষেত্ৰত সস্তম হৈছে আৰক্ষী তথা প্ৰশাসন ৷ পূজাৰ ব্যস্ততাৰ মাজতে নগাঁৱত শনিবাৰে নগাঁও আৰক্ষীয়ে উলিয়াই এক বিশাল সমদল ৷
উৎসৱৰ সময়ত জনসাধাৰণক আইন শৃংখলা অটুট ৰখাৰ আহ্বান জনাই নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় এই বিশাল পদযাত্ৰা । সদা জাগ্ৰত, সদা সচেতন নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত অপৰাধীৰ বিৰুদ্ধে সদায়ে কঠোৰ নগাঁও আৰক্ষী ৷ দুৰ্গা পূজাৰ সময়চোৱাতো অধিক সক্ৰিয় আৰু কঠোৰ হোৱাৰ ইংগিত প্ৰদান কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
আনকি নগাঁও আৰক্ষীয়ে শনিবাৰে চহৰ খনৰ মুলপথত এক পদ সঞ্চালনো কৰে ৷ জানিব পৰা মতে, প্ৰায় ডেৰ শতাধিক আৰক্ষী বিষয়াসহ সেনা জোৱানেও নগাঁও চহৰৰ ১২ কিলোমিটাৰ পথ পদব্ৰজে সঞ্চালন কৰে ৷