চামগুৰি, 27 অক্টোবৰঃবঢ়মপুৰত নৱ নিৰ্মিত আৰক্ষীৰ অতিথি গৃহৰ শুভ উদ্বোধন কৰিলে ADGP এল আৰ বিষ্ণুয়ে । নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিতেশ্ব চন্দ্ৰ ৰায়ৰ তত্বাৱধানত আটকধুনীয়াকৈ নিৰ্মাণ কৰা আৰক্ষী অতিথি গৃহটোয়ে আৰক্ষী সকলৰ এটা বহু দিনীয়া অভাৱ দূৰ হোৱাৰ কথা উল্লেখ কৰে ADGP বিষ্ণুয়ে ।
বঢ়মপুৰত আৰক্ষী অতিথি গৃহ উদ্বোধন - আন্তঃগাঁঠনি অভাৱৰ বাবে
আন্তঃগাঁঠনি অভাৱৰ বাবে আও-পুৰণি এটা অতিথি গৃহ আছিল ৷ অসম আৰক্ষী আধুনিকীকৰণ দিশত বিশেষ গুৰুত্ব প্ৰধান কৰাত বাহিনীটোয়ে এটা আটকধুনীয়া আৰক্ষী অতিথি গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে, আন্তঃগাঁঠনি অভাৱৰ বাবে আও-পুৰণি এটা অতিথি গৃহ আছিল ৷ অসম আৰক্ষী আধুনিকীকৰণ দিশত বিশেষ গুৰুত্ব প্ৰধান কৰাত বাহিনীটোয়ে এটা আটকধুনীয়া আৰক্ষী অতিথি গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হয় । আনহাতে সাংবাদিকে আৰক্ষী কনিষ্টবল নিযুক্তিৰ সাক্ষাৎকাৰ সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে নৱ গঠিত আৰক্ষী নিযুক্তি বৰ্ডে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব আৰু অতি শীঘ্ৰে পুনৰ অনুষ্ঠিত হ’ব কনিষ্টবল নিযুক্তিৰ সাক্ষাৎকাৰ ।
লগতে পঢ়কঃমিঞা সংগ্ৰহালয় সন্দৰ্ভত কি ক'লে লুৰীণজ্যোতি গগৈয়ে ?