ধিং, 29 জুন: ৰাজ্যত অব্যাহত আছে নৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পূৰ্বতকৈ অধিক সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী ৷ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ আৰক্ষী তথা প্ৰশাসনে এক প্ৰকাৰ জেহাদ ঘোষণা কৰি মাৰাথান অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছৰ বেপাৰ বন্ধ হোৱা নাই ।
শেহতীয়াকৈ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবৰ বাবে মঙলবাৰে নিশা মৈৰাবাৰীত আৰক্ষীয়ে শূণ্যলৈ কৰিব লগা হ’ল গুলিচালনা ৷ ইয়াৰ পাছতে আৰক্ষীৰ দলটোৱে এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Police arrested drug dealer in Moirabari)। মৈৰাবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত এক পলাশজুৰি গাঁৱত অভিযান চলাই নিজাম উদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে । নিজাম উদ্দিনৰ লগত AS01 BW 0051 নম্বৰৰ এখন বিলাসী বাহনো জব্দ কৰে আৰক্ষীয়ে ।