অসম

assam

ETV Bharat / state

নগাঁৱত ড্ৰাগছ সৰবৰাহৰ সন্দেহত বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা

নগাঁৱত পুনৰ গুলিচালনা । ড্ৰাগছ সৰবৰাহৰ সন্দেহত নগাঁৱৰ ম'হখুলিত এখন বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা ।

police-fired-at-a-vehicle-suspected-of-transporting-in-nagaon
নগাঁৱত ড্ৰাগছ সৰবৰাহৰ সন্দেহত এখন বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

By

Published : Jul 14, 2021, 10:45 PM IST

নগাঁও, 14 জুলাই : সান্ধ্য আইন অব্যাহত থকাৰ মাজতে নগাঁৱত পুনৰ সংঘটিত হৈছে আৰক্ষীৰ গুলিচালনাৰ ঘটনা । নগাঁৱৰ ম'হখুলিত সংঘটিত হয় এই গুলিচালনাৰ ঘটনাটো । সান্ধ্য আইন চলি থকাৰ মাজতে নগাঁও লাওখোৱা পথৰে গৈ থকা এখন সন্দেহজনক বাহনক আৰক্ষীয়ে পিছে পিছে খেদি যায় যদিও বাহনখনৰ নৰখোৱাত ম'হখুলি পোৱাৰ লগে লগেই বাহনখনৰ চকাত গুলিয়াই আৰক্ষীয়ে ।

নগাঁৱত ড্ৰাগছ সৰবৰাহৰ সন্দেহত এখন বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

বাহনত চৰকাৰী ষ্টিকাৰ লগাই ড্ৰাগছ সৰবৰাহ কৰাৰ সন্দেহত বাহনখনৰ সন্ধানত অভিযান চলাইছিল মৰিগাঁও আৰক্ষীয়ে (Morigaon Police) । পৰৱৰ্তী সময়ত বাহনখনৰ পাঁচজনকৈ লোকক আটক কৰে আৰক্ষীয়ে । আৰক্ষীয়ে ধৃত লোককেইজনক জেৰা অব্যাহত ৰাখিছে । ঘটনাসন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, এনকাউণ্টাৰ(Police Encounter) সন্দৰ্ভত মানৱ অধিকাৰৰ আয়োগৰ তদন্ত বিচাৰিছে নগাঁও জিলাৰ আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra)ই ৷

নগাঁৱত ড্ৰাগছ সৰবৰাহৰ সন্দেহত এখন বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

বিগত কিছুদিন ধৰি আটক হোৱা অভিযুক্তক আৰক্ষীয়ে গুলিচালনা কৰা বিষয়টোৱে সমগ্ৰ ৰাজ্যতে ব্যাপক চৰ্চা লাভ কৰিছে ৷ কেৱল চৰ্চাই নহয়, এই বিষয়ত বিৰোধীয়েও শাসক পক্ষক বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপন কৰিছে ৷ বিশেষকৈ নগাঁৱৰ ধিং শালিকাটিৰ জয়নাল আবেদিন নামৰ এজন অভিযুক্তৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱাক লৈ তিনিগৰাকীকৈ বিধায়কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আনন্দ মিশ্ৰৰ বিৰুদ্ধেও তদন্ত হ’ব লাগে বুলি মন্তব্য কৰিছে ৷

বিধায়ক কেইগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাচতে জয়নাল আবেদিনৰ মৃত্যুৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (Anand Mishra) ৷ জয়নাল আবেদিনক একাংশই নিৰ্দোষী বুলি দাবী কৰা সময়তে আনন্দ মিশ্ৰই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰা দেখা গৈছে ৷

লগতে পঢ়কঃ Encounter সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ তদন্ত বিচাৰিলে আনন্দ মিশ্ৰই

ABOUT THE AUTHOR

...view details