নগাঁও,১৫ ফেব্ৰুৱাৰী :নগাঁও জিলাত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । কিছু দিন পূৰ্বলৈ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ অপৰাধীসকলৰ বাবে মূৰৰ কামোৰণি আছিল । কিন্তু শেহতীয়াকৈ তেওঁৰ বদলি হোৱাত বহুতে ভাবিছিল যে নগাঁও জিলাত পুনৰ অপৰাধীৰ কাৰ্যকলাপ বৃদ্ধি হ'ব । অৱশ্যে এনকাউণ্টাৰৰ বিতৰ্কত থকা আনন্দ মিশ্ৰৰ বদলিৰ পাছতো জিলাখনত আৰক্ষীৰ অভিযান অব্যাহত আছে ।
ইয়াৰ মাজতে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এনকাউণ্টাৰ । আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া । জুৰীয়া বালিকটীয়াত সংঘটিত হৈছে এই এনকাউণ্টাৰ । গুলীবিদ্ধ ড্ৰাগছ মাফিয়া ছাহজাহান আলী ওৰফে চাজু ।