নগাঁও, 28 মে’ :অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিচত পোহৰলৈ অহা জালনোট আৰু নকল সোণৰ নেক্সাছৰ বিৰুদ্ধে লখিমপুৰৰ সমান্তৰালকৈ কঠোৰ হৈছে নগাঁও আৰক্ষী । নকল সোণ আৰু জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাঁৱতো তীব্রতৰ হৈছে আৰক্ষীৰ অভিযান (Nagaon Police raid against Fake currency)। নগাঁৱত নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক নৱনীত মহন্তই দায়িত্ব লোৱাৰ পিচতেই এতিয়া সক্ৰিয় হৈ পৰিছে অপৰাধীৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে নগাঁও আৰক্ষী ।
নগাঁও আৰক্ষীৰ ভয়ত চিলিঙৰ ওপৰত পলায়ো ৰক্ষা নাপালে এটা জালনোট সৰবৰাহকাৰীয়ে । শনিবাৰে নিশা ৰূপহীহাটত আটক হয় এটা কুখ্যাত জালনোট সৰবৰাহকাৰী । ৰূপহীহাটৰ বিলপাৰৰ বাসগৃহৰ পৰা ৰূপহীহাট আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে কুখ্যাত জালনোট সৰবৰাহকাৰী আব্দুল খালেকক । দীৰ্ঘদিনৰ পৰা পলাতক অৱস্থাত আছিল জালনোট সৰবৰাহকাৰী আব্দুল খালেক (Police detain Fake currency smuggler in Nagaon) ।
কিন্তু এই আব্দুল খালেকক বিচাৰি পোৱা নাছিল পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বৰ নগাঁও আৰক্ষীয়ে । লীনা দলেৰ বদলিৰ পিচত নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বৰ আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় অভিযুক্ত খালেকক । ড্ৰাগছ মাফিয়াৰ লগতে বিভিন্ন অপৰাধজনীত ঘটনাৰ সৈতেও জড়িত থকাৰ অভিযোগ আছে ধৃত আব্দুল খালেকৰ বিৰুদ্ধে ।