অসম

assam

ETV Bharat / state

ক’ভিডৰ নতুন এছঅ’পিক লৈ কঠোৰ নগাঁও আৰক্ষী

নতুন এছঅ’পিক লৈ কঠোৰ হৈছে আৰক্ষী । নিয়ম নমনাসকল বিগত বৰ্ষৰ দৰেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ ৷

By

Published : May 13, 2021, 10:53 PM IST

police-administraion-strict-regarding-new-covid-sop
নতুন এছ অ পি ক লৈ কঠোৰ নগাঁও আৰক্ষী

নগাঁও,13 মে': ক’ভিড ১৯ ক লৈ ৰাজ্য চৰকাৰে নতুন এছঅ’পি জাৰি কৰাৰ পিছতেই এইবাৰ অধিক কঠোৰ হৈছে আৰক্ষী প্ৰশাসন । ক’ভিড ১৯ ৰ দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ লোৱাৰ সময়তে ক’ভিডৰ নীতি-নিয়ম ভংগ কৰি টিঘিল-ঘিলাই ফুৰাসকলৰ বিৰুদ্ধে পুনৰ হাতত লাঠী তুলি ল’বলৈ বাধ্য হৈছে অসম আৰক্ষী । বুধবাৰে ৰাজ্যৰ প্ৰধান সচিব জিষ্ণু বৰুৱাই জাৰি কৰা নতুন এছঅ’পি অনুসৰি দুপৰীয়া 1 বজাৰ লগে লগেই দোকান পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন জাৰি কৰিছে ।

নতুন এছ অ পি ক লৈ কঠোৰ নগাঁও আৰক্ষী

বৃহস্পতিবাৰৰ পৰা বলৱৎ হোৱা এই নতুন নিয়মক লৈ নগাঁৱত আৰক্ষী কঠোৰ হোৱা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে দুপৰীয়া এক বজাৰ লগে লগে চহৰখনৰ দোকানসমূহ আৰক্ষীয়ে বন্ধ কৰাৰ লগতে ২ বজাৰ পিছত চলা-ফুৰা কৰা লোকৰ বিৰুদ্ধেও কঠোৰ হৈছে নগাঁও আৰক্ষী । দুই-এজনক লাঠীৰ কোব দিবলৈও বাধ্য হৈছে আৰক্ষী ।

লগতে পঢ়ক :১৫ মে’ৰ পৰা গ্ৰীষ্মকালীন বন্ধ ঘোষণা শিক্ষা বিভাগৰ

ABOUT THE AUTHOR

...view details