কলিয়াবৰ,১৯ এপ্ৰিল: সোমবাৰে জখলাবন্ধা আৰক্ষীয়ে আটক কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ পৰিকল্পনাৰ সৈতে জড়িত এটা চোৰাং চিকাৰী । নগাঁৱৰ আমনিৰ পৰা আৰক্ষীয়ে চোৰাং চিকাৰীটোক আটক কৰে । ধৃত চোৰাং চিকাৰীটো বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে বাহাৰুলৰ পৰা এ এচ ০২ জে ৪৪৯০ নম্বৰৰ এখন ডিস্ক’ভাৰ মটৰ চাইকেল জব্দ কৰে । একেটা দিনতে জখলাবন্ধা আৰক্ষীৰ জালত পৰা এইটো চতুৰ্থ চোৰাং চিকাৰী । সোমবাৰে জখলাবন্ধা আৰক্ষীয়ে জখলাবন্ধা আৰু বুঢ়াপাহাৰত অভিযান চলাই ৩টা চোৰাং চিকাৰী আটক কৰাৰ লগতে মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছিল ।