অসম

assam

ETV Bharat / state

কলিয়াবৰত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ - বৰঘূলী

কলিয়াবৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ঠিকাদাৰে পথ নিৰ্মাণৰ নামত আৱন্টিত হোৱা ধন আত্মসাৎ কৰি নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

কলিয়াবৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত দু্ৰ্নীতি
কলিয়াবৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত দু্ৰ্নীতি

By

Published : Jan 30, 2021, 11:52 AM IST

নগাঁও,30 জানুৱাৰী: কলিয়াবৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত অনিয়মৰ অভিযোগ৷ বৰঘূলী-হাতীবন্ধা পথত চলিছে ঠিকাদাৰৰ মইমতালি ৷ ঠিকাদাৰে নিশাৰ ভাগত নিম্মমানৰ সামগ্ৰীৰে কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

কলিয়াবৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত দু্ৰ্নীতি

উল্লেখ্য যে,লোকনিৰ্মাণ বিভাগৰ কলিয়াবৰ আৰু চামগুৰি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ তত্বাৱধানত ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন পূঁজিৰে নিৰ্মাণ কৰি থকা হৈছে এটা পথ । বৰঘূলীৰ পৰা হাতীবন্ধা হৈ ৩৭ 'ক' নম্বৰ ঘাই পথলৈ সংযোগ কৰা চাৰে তিনি কিলোমিটাৰ দৈৰ্ঘৰ এই পথটো নিৰ্মাণৰ বাবে আৱন্টন কৰা হৈছে 2 কোটি ৯১ লাখ ৯৭ হাজাৰ ৮০০ টকা । পথটো নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰ ফজৰ আলিয়ে নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিশা কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

কলিয়াবৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত দু্ৰ্নীতি

ইফালে,এই নিম্মমানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত বহুবাৰ জনোৱা হৈছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগে৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি,নিম্নমানৰ সামগ্ৰীৰে নিশা পথটো নিৰ্মাণ কৰাৰ বাবে প্ৰতিবাদ কৰা হৈছে যদিও ঠিকাদাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷

অন্য এক খবৰৰ বাবে: ওড়িশাত দুটাকৈ ভয়ংকৰ বাছ দুৰ্ঘটনা: নিহত এজন,আহত 19 জন

ABOUT THE AUTHOR

...view details