অসম

assam

ETV Bharat / state

কবিতা নাট্য কাননত জিলিকিল বহিঃৰাজ্যৰ পৰম্পৰা - কবিতা নাট্য কানন,ৰঙ্গালয় ষ্টুডিঅ

কলা-সংস্কৃতিৰ বৰপথাৰ নগাঁৱত বহু বছৰ পূৰ্বৰে পৰা চলি আহিছে নাটকৰ সাধনা । শেহতীয়াকৈ বহিঃৰাজ্যৰ কেইবাটাও নাট্যদলে প্ৰদৰ্শন কৰিছেহি নাটক । কবিতা নাট্য কানন, ৰঙ্গালয় ষ্টুডিঅ’ থিয়েটাৰৰ মঞ্চতো এইবাৰ বহিঃৰাজ্যৰ কৃষ্টি-পৰম্পৰা ।

play traditional drama in puranigudam
“কবিতা নাট্য কানন" ত জিলিকিল বহিঃৰাজ্যৰ পৰম্পৰা

By

Published : Mar 11, 2022, 10:16 PM IST

ছামগুৰি, ১১ মাৰ্চ: নগাঁৱৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ কঢ়ালীগাঁওস্থিত কবিতা নাট্য কানন, ৰঙ্গালয় ষ্টুডিঅ’ থিয়েটাৰ প্ৰাংগনত বৃহস্পতিবাৰে নিশা অসমৰ অন্যতম নাট্যানুষ্ঠান ৰঙ্গালয়ে আয়োজন কৰা নাট্যশিল্পী কবিতা বৰা সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহত মঞ্চস্থ হ’ল মধ্যপ্ৰদেশ উজয়নীৰ থলু্ৱা নৃত্য, গীত সমাহিত দুখনকৈ পৰম্পৰাগত নাটক ৷

ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী মঞ্চত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ সহযোগত মঞ্চস্থ হোৱা দুখনকৈ নাট ক্ৰমে - মধ্য প্ৰদেশৰ অংকুৰ ৰঙ্গমঞ্চ উজ্জয়নীয়ে হাফীজ খানৰ ৰূপান্তৰ আৰু পৰিচালনাৰে মহাকবি ভাস ৰচিত নাটক মধ্যম বিয়োগ আৰু মধ্য প্ৰদেশ উজয়নীৰ ৰঙ্গ উৎসৱে মঞ্চস্থ কৰে সিদ্ধেশ্বৰ সেনৰ ৰচনা আৰু বাবুলাল দেৱড়াৰ পৰিচালিত নাটক ৰজা হৰিশ্চন্দ্ৰ

“কবিতা নাট্য কানন" ত জিলিকিল বহিঃৰাজ্যৰ পৰম্পৰা

ৰঙ্গালয়ৰ পৰিচালক মৃণাল কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটোত মধ্য প্ৰদেশৰ পৰা অহা এঘাৰ জনীয়া নাট্য দলটিক গামোছা আৰু ফুলাম জাপিৰে আদৰণি জনাই বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে ৷ নাট্য দলটিয়ে অসমৰ কেইবাঠাইতো নাট মঞ্চস্থ কৰাৰ পাছত মেঘালয়ৰ শ্বিলঙতো নাট পৰিৱেশন কৰিব ৷

লগতে পঢ়ক:বিজেপি টকাৰ জোৰত পৌৰসভাত জয়ী হৈছে: অখিল গগৈ

ABOUT THE AUTHOR

...view details