নগাঁও,২ জুলাইঃনগাওঁ চহৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে দহ হাজাৰ গছপুলি ৰোপণৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । ইতিমধ্যে আৰম্ভ হৈছে ,নগাঁৱৰ ডিমৌৰ পৰা ডিমৰুগুৰি পৰ্য্যন্ত আৰু নগাওঁ কলেজ পইণ্টৰ পৰা বৰঘাট পৰ্য্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণৰ কাম । ৰাষ্ট্ৰীয় ঘাইপথৰ বহলীকৰণৰ বাবে পথৰ দুয়োকাষৰ কিছু গছ কাটিবলগীয়া হৈছিল । যিয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছিল । তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই দহ হাজাৰ গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।
বন মহোৎসৱৰ সংকল্পঃ দহ হাজাৰ গছপুলিয়ে সৌন্দৰ্য বঢ়াব নগাঁও চহৰৰ - rupak Sharma
নগাওঁ চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ বহলাবলৈ যাওঁতে কটাবলগীয়া হৈছিল বহু গছ-গছনি । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ১০ হাজাৰ গছপুলি ৰোপণৰ কাৰ্য্যসূচী হাতত লৈছে স্থানীয় বিধায়ক ৰূপক শৰ্মাই।
৭০ সংখ্যক বন মহোৎসৱ সপ্তাহৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰাই এই গছপুলি ৰোপণৰ কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰে। নগাওঁ জিলা প্ৰশাসন, বন বিভাগৰ সহযোগত নগাওঁ কলেজ পইণ্টত গছপুলি ৰোপণ কৰি শুভাৰম্ভ কৰে বৃক্ষ ৰোপণ কাৰ্যসূচীৰ । ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোপণ কৰা হ'ব নীম, কৃষ্ণচুড়া, আম, জামুক, এপ্ৰিল, ৰাধাচূড়া আদি । এখন সেউজীয়া নগাওঁ গঢ়াৰ স্বাৰ্থত আৰু নগাঁৱৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলাৰ স্বাৰ্থত ৰোপণ কৰিবলৈ লোৱা দহ হাজাৰ গছপুলি লালন পালনৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰে বিধায়ক ৰূপক শৰ্মাই ।
লগতে পঢ়কঃ বাজেট 2019 : কৃষি ক্ষেত্ৰৰ সমস্যাৰ বাবে স্থায়ী সমাধানৰ প্ৰয়োজন