অসম

assam

Grenade recovered in Nagaon : নগাঁৱৰ ৰূপহীহাটত ক'ৰ পৰা আহিল দুটাকৈ সজীৱ গ্ৰেণেড ?

By

Published : Mar 1, 2023, 9:23 AM IST

Updated : Mar 1, 2023, 1:15 PM IST

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা । পিষ্টল বিচাৰি অভিযান চলাবলৈ গৈ উদ্ধাৰ গ্ৰেণেড (Grenade recovered at Nagaon) । নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত জব্দ দুটাকৈ গ্ৰেণেড । জব্দ হৈছে মাৰণাস্ত্ৰও ।

Grenade recovered at Nagaon
নগাঁৱৰ ৰূপহীহাটত উদ্ধাৰ দুটাকৈ সজীৱ গ্ৰেণেড

নগাঁৱৰ ৰূপহীহাটত ক'ৰ পৰা আহিল দুটাকৈ সজীৱ গ্ৰেণেড ?

নগাঁও, 1 মাৰ্চ :নগাঁও আৰক্ষীৰ আন এক বৃহৎ সফলতা । এইবাৰ পিষ্টলৰ সন্ধানত কুখ্যাত ডকাইতৰ ঘৰত অভিযান চলাই এটা নহয়, দুটাকৈ গ্ৰেণেড জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী (Grenade recovered at Nagaon) । নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত নগাঁও আৰু ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় । নগাঁৱৰ ৰূপহীহাটৰ কাছখাইটি অঞ্চলৰ এটা কুখ্যাত ডকাইতৰ ঘৰত এটা পিষ্টল আৰু সজীৱ গুলী থকাৰ খবৰ গোপন সূত্ৰে লাভ কৰিছিল নগাঁও আৰক্ষীয়ে (Grenade recovered in Assam)।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত ৰূপহীহাট আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীৰ এটা দলে মঙলবাৰে নিশা অভিযান চলাই ৰূপহীহাটৰ কাছখাইটি অঞ্চলত (Ruahihat police station)। কাছখাইটিৰ কুখ্যাত ডকাইত আজিজুৰ ৰহমানৰ ঘৰত অভিযান চলাই কেইবাটাও মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । নিশা ৰূপহীহাট আৰক্ষীৰ সহযোগত চলোৱা অভিযানত আজিজুৰ ৰহমানৰ বাসগৃহৰ পৰা দুটাকৈ গ্ৰেণেডৰ লগতে এটা পিষ্টল, সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Pistol and live ammunition seized along with grenade) ।

জব্দ কৰা গ্ৰেণেডটো হস্তনিৰ্মিত বুলি প্ৰথমিক অনুসন্ধানত সন্দেহ প্ৰকাশ কৰিছে নগাঁও আৰক্ষীয়ে । জব্দ কৰা গ্ৰেণেড দুটা বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষাৰ ব্যৱস্থা কৰিছে নগাঁও আৰক্ষীয়ে । ইপিনে অবৈধভাৱে গ্ৰেণেড আৰু মাৰণাস্ত্ৰ মজুত ৰখাৰ অপৰাধত আৰক্ষীৰ দলটোৱে আটক কৰে কুখ্যাত ডকাইত আজিজুৰ ৰহমানক । ধৃত আজিজুৰ ৰহমান পূৰ্বে কেবাটাও ডকাইতিৰ উপৰিও হত্যাৰ দৰে অপৰাধত জড়িত থকা বুলি নগাঁও আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

আনপিনে, ধৃত আজিজুৰৰ সৈতে গ্ৰেণেড , মাৰণাস্ত্ৰ মজুত ৰখা ঘটনাত অধিক লোক জড়িত থকাৰো সন্দেহ ব্যক্ত কৰিছে নগাঁও আৰক্ষীয়ে । যাৰ বাবে ধৃত কুখ্যাত ডকাইত আজিজুৰ ৰহমানক মাৰাথান জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক :AAP on Electricity tariff hike: মন্দাৰ সময়তো পুঁজিপতিক ২০ কোটি টকাৰ বিদ্যুৎ মাচুল ৰেহাই APDCL ৰ

Last Updated : Mar 1, 2023, 1:15 PM IST

ABOUT THE AUTHOR

...view details