নগাঁও,৩ জুলাই :শুকুৰবাৰে নিশা ছয়গাঁও সমষ্টিৰ (Chaygaon Constituency) কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed) ছ'চিয়েল মিডিয়াত (Social Media) আপলোড কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাৰ (Piyush Hazarika) সৈতে তোলা এখন বিশেষ ফটো । পূৰ্বৰ সতীৰ্থ যদিও বৰ্তমানৰ শাসক বিৰোধীৰ দুই বিধায়কে একেলগে চাইকেল চলাই যোৱা ফটোখন ছ'চিয়েল মিডিয়াত আপলোড হোৱাৰ লগে লগে বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে । ছ'চিয়েল মিডিয়াৰ লগতে ৰাজ্যৰ ৰাজনৈতিক মহলতো চৰ্চা লাভ কৰা ফটোখনক লৈ ই টিভি ভাৰতৰ ডিজিটেল পেজত বাতৰি প্ৰকাশ হোৱাৰ পিছতেই বিষয়টোক লৈ মুখ খুলিছে ৰেকিবুদ্দিনৰ একালৰ ঘনিষ্ঠ তথা মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika)।
শনিবাৰে নগাঁৱত উপস্থিত হৈ নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী (Guardian minister) তথা জলসম্পদ, জনসংযোগ আদি কেইবাটাও বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৰেকিবুদ্দিন আহমেদৰ সৈতে চাইকেল চলোৱা ফটো সন্দৰ্ভত মন্তব্য কৰি কয়, 'ৰেকিবুদ্দিনৰ সৈতে চাইকেল চলোৱা কোনো ডাঙৰ কথা নহয় আৰু বিধায়ক আবাস চৌহদত মই প্ৰায়েই চাইকেল চলাও । সুস্বাস্থ্যৰ বাবে চাইকেল চলাও । সুবিধা পালে খোজও কাঢ়ো মাজে সময়ে । বিধায়ক আবাসত সকলো একেলগেই থাকো ।'
কোনোবা কংগ্ৰেছ (Congress) অথবা এ আই ইউ ডি এফৰ (AIUDF) হ'লেই তেওঁৰ ওচৰলৈ নাহিব বুলি একো কথা নাই । সেয়ে ৰেকিবুদ্দিনৰ সৈতে চাইকেল চলোৱা একো ডাঙৰ কথা নহয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৰেকিবুদ্দিন আহমেদে তেওঁৰ সৈতে একেলগে চাইকেল চলাইছে বুলি বিজেপিত যোগদান কৰাৰ কোনো কথা নাই ।