ৰহা,২০ মে':ৰাজ্যজুৰি বানৰ কালৰূপ(Flood situation become critical in Assam) । কপিলীয়ে বুৰাইছে বিস্তীৰ্ণ অঞ্চল(Water levels of Kopili River continue to rise) । সাধাৰণ জনতাৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিভিন্ন প্ৰান্তত বন্যাৰ্তৰ কাষত থিয় হৈছেগৈ মন্ত্ৰী বিধায়ক । শুকুৰবাৰে কপিলীৰ ভয়াবহ প্ৰলয়ংকাৰী বানে বুৰাই পেলোৱা নগাঁও জিলাৰ ৰহা সমষ্টিৰ কেইবাটাও স্থান পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika visits flood effected area of Raha) ।
ৰহাৰ স্থানীয় বিধায়ক শশীকান্ত দাসক লগত লৈ মন্ত্ৰী গৰাকীয়ে চাপৰমুখ মাৰোৱাৰীপট্টীৰ প্লাবিত অঞ্চলৰ লগতে ৰহা গড়মাৰীৰ অতিকৈ বিপদজনক তিনিসূঁতিত উপস্থিত হৈ সামগ্ৰিক বান পৰিবেশ পৰ্যবেক্ষণ কৰে । উল্লেখ্য যে, প্ৰায় চাৰিকোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা তিনিসূঁতি বান্ধৰ কাম প্ৰায় শেষ হোৱাৰ সময়তে প্ৰলয়ংকাৰী বানে সকলো স্তব্ধ কৰি তোলে ।