কলিয়াবৰ,27ডিচেম্বৰঃCAA আৰু ক’ৰণাৰ আতংকত পাৰ কৰা ২০২০ বৰ্ষৰ শেষৰ দেওবাৰটোত শংকামুক্ত হৈ ওলাই আহিল অসমৰ ৰাইজ, উদ্দেশ্য বনভোজ । এসাঁজ আনন্দ-উল্লাসৰ মাজেৰে এসাঁজ খাই বছৰটোৰ সকলো তিক্ততা পাহৰি অনাগত বছৰটো যাতে কুশলে পাৰ হয় তাৰ কামনাৰে অসমৰ বিভিন্ন স্থানৰ লোকে ভিৰ কৰিছে কলিয়াবৰত।
2020 বৰ্ষৰ শেষৰটো দেওবাৰে কলিয়াবৰত বনভোজ দলৰ ভিৰ - অসমৰ বিভিন্ন স্থানৰ লোকে
আজি 2020 বৰ্ষৰ শেষৰটো দেওবাৰ ৷ ক’ৰনাৰ আতংক পাহৰি কলিয়াবৰৰ লুইতৰ পাৰত বনভোজ দলৰ ভিৰ ৷ শিলঘাট, ত্ৰিশূলধালৰী, হাতীমূৰা, কলিয়াভোমোৰা দলঙৰ পাৰত বনভোজ প্ৰেমীৰ আনন্দ-উল্লাস ৷ ডেকা-গাভৰু, জ্যেষ্ঠ-কণিষ্ঠই কিছু সময় কটালে আতংক বৰ্জিত এক পৰিৱেশত ৷
2020 বৰ্ষৰ শেষৰটো দেওবাৰে কলিয়াবৰত বনভোজ দৰল ভীৰ
কলিয়াবৰৰ শিলঘাট, ত্ৰিশূলধাৰী, হাতীমূৰা, কলিয়াভোমোৰা দলঙৰ পাৰত সমবেত হ'ল অজস্ৰ বনভোজৰ দল। সকলোৰে এটাই আশা, অনাগত বছৰটো যাতে কুশলে পাৰ হয় । আকৌ নাহক ২০২০ বৰ্ষৰ দৰে ভয়ানক, আতংময় বৰ্ষ ।
লগতে পঢ়কঃ ক্ৰমাৎ নিঃচিহ্ন হোৱাৰ পথত লখিমপুৰৰ ঐতিহাসিক ঘূণাসূঁতি