অসম

assam

By

Published : May 31, 2019, 9:45 PM IST

ETV Bharat / state

ধিঙত তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণঃ চকু মুদা কুলিৰ ভাৱত ধিং আৰক্ষী!!

কান্ধুলি চৰত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড ৷ ধৰ্ষণৰ ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকক অৱগত কৰিলে হত্যাৰ ভাবুকি প্ৰদান দুৰ্বৃত্তৰ ৷

ধিঙৰ চৰত তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ

বটদ্ৰৱা, 31 মে': নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ধিঙৰ 2নং কান্ধুলি চৰত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড ৷ এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অভিযোগ অঞ্চলটোৰ আমিনুল ইছলামৰ পুত্ৰ মোজাম্মিল হ'ক নামৰ এজন যুৱকজনৰ বিৰুদ্ধে ৷ বিদ্যালয়ৰ পৰা উভতাৰ পথত মোজাম্মিল হকে হাত,ভৰি বান্ধি মুখত সোপা দি মাকৈ খেতিৰ মাজলৈ নি ধৰ্ষণ কৰে ছাত্ৰীগৰাকীক ৷ পাচত মোজাম্মিলে ছাত্ৰীগৰাকীক পাঁচশ টকা হাতত দি ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকক অৱগত কৰিলে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে ৷ যদিও ভয়ত কম্পমান ছাত্ৰীগৰাকীয়ে চিঞৰি চিঞৰি ঘৰলৈ গৈ মাতৃৰ আগত সকলো কথা অৱগত কৰে। তাৰ পাচতে ওচৰ চুবুৰীয়া ৰাইজে মোজাম্মিলৰ পিতৃ আমিনুল ইছলামক অৱগত কৰাত ৰাইজক ওলোটাই ভাবুকি দিয়ে আমিনুলে ৷

ধিঙৰ চৰত তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ

ইপিনে ন্যায় বিচাৰি ছাত্ৰী গৰাকীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে । কিশোৰী গৰাকীৰ পিতৃৰ অভিযোগ বৃহৎ ধনৰ বিনিময়ত মাতাব্বৰ আমিনুল ইছলামে মেনেজ কৰিছে আৰক্ষীক । সেয়ে ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত হোৱাৰ পিছতো গা লৰা নাই ধিং আৰক্ষীৰ।

পঢ়ক - নিশা অন্ধকাৰত ডুব যায় মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

ABOUT THE AUTHOR

...view details