বঢ়মপুৰ,9 জুন: ৰাজ্যত পুনৰ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা ৷ নগাঁৱৰ ৰাঙলু উৰিয়াগ্ৰান্টত এগৰাকী মুকবধিৰ যুৱতী কামনাৰ বলি হ'ল একেখন গাঁৱৰে জিয়া উদ্দিন নামৰ এজন যুৱকৰ ৷ বিশেষভাৱে সক্ষমতাৰ সুযোগ লৈ যুৱকজনে যুৱতী গৰাকীক প্ৰায়ে কৰি আহিছিল ধৰ্ষণ ৷ আঠমাহৰ অন্তসত্বা যুৱতীগৰাকী হঠাৎ অসুস্থ হৈ পৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ দীৰ্ঘদিনে যুৱতী গৰাকীক যৌন নিৰ্যাতন চলাই অহাৰ ঘটনা পোহৰলৈ অহাৰ পাচতে গাঁৱৰ পৰা পলায়ন কৰে যুৱকজনে ৷
নগাঁৱত যুৱকৰ কামনাৰ বলি মুকবধি যুৱতী - Indian Penal Code Act
নগাঁৱৰ ৰাঙলু উৰিয়াগ্ৰান্টত এগৰাকী মুকবধিৰ যুৱতী কামনাৰ বলি হ'ল একেখন গাঁৱৰে জিয়া উদ্দিন নামৰ এজন যুৱকৰ ৷ আঠমাহৰ অন্তসত্বা যুৱতীগৰাকী হঠাৎ অসুস্থ হৈ পৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ বিশেষভাৱে সক্ষমতাৰ সুযোগ লৈ যুৱকজনে যুৱতী গৰাকীক প্ৰায়ে কৰি আহিছিল ধৰ্ষণ ৷
সম্প্ৰতি ঘটনা সন্দৰ্ভত যুৱতী গৰাকীৰ পিতৃয়ে ৰাইজৰ সহযোগত ৰাঙলু আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন(ipc)ৰ 1002/21 U/S 376(2)ipc নম্বৰত এক গোচৰ ৰুজু কৰিছে যদিও এমাহ পাৰ হোৱাৰ পাছত অভিযুক্ত তথা ধৰ্ষণকাৰী জিয়া উদ্দিনক আটক কৰিব পৰা নাই ৷ স্থানীয় লোকৰ সন্দেহ আৰক্ষীয়ে অভিযুক্ত জিয়া উদ্দিনৰ পৰা উৎকোচ লৈ ৰক্ষণাবেক্ষণ দি আহিছে ৷ অনতি পলমে যুৱকজনক আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ভুক্তভোদী যুৱতী গৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় লোক সকলে ৷
লগতে পঢ়ক:তাৰাবাৰীত ড্ৰাগছসহ সৰবৰাহকাৰী কৰায়ত্ত