অসম

assam

ETV Bharat / state

দৃষ্টিহীন দম্পতীক এধানি আশ্ৰয় গায়ন বৈৰাগী গাঁওবাসীৰ - মানৱতা উৎকৃষ্ট নিদৰ্শন

দিব্যাংগ লোকৰ বাবে মানৱতা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে নগাঁও জিলাৰ পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ ৰাইজে । থকাৰ সু-ব্যৱস্থা কৰি দিলে গাঁৱৰ ৰাইজে ৷ তেওঁলোকৰ পদক্ষেপক শলাগ লৈছে অঞ্চলবাসীয়ে ৷

physically-handicap-family-helps-nagaon-gayon-boiragi-villagers
দৃষ্টিহীন দম্পতীক এধানি আশ্ৰয় গায়ন বৈৰাগী গাঁওবাসীয়ে

By

Published : Dec 14, 2020, 11:05 PM IST

চামগুৰি, 14 ডিচেম্বৰ :এহাল দিব্যাংগ লোকৰ বাবে মানৱতা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে নগাঁও জিলাৰ পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ ৰাইজে । যাত্ৰীবাহী ৰে'লত গীত গাই নিজৰ পৰিয়াল পোহপাল দিয়া এটি দিব্যাংগ দম্পতী লক ডাউনৰ ফলত হাহাকাৰ এক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল । লক ডাউনৰ ফলত যাত্ৰীবাহী ৰে'ল সমূহ বন্ধ হোৱাৰ লগে লগে উপাৰ্জনৰ সকলো পথ যেন বন্ধ হৈ পৰিল । ফলত জীৱন নিৰ্বাহ কৰাৰ বাবে তেওঁলোকৰ কন্যা সন্তানটিকে সাৰথি কৰি মানুহৰ ঘৰে ঘৰে খুজি-মাগি চলিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছিল ।

স্থানীয় ৰাইজৰ মন্তব্য

লগতে পঢ়ক :কংগ্ৰেছ ত্যাগ কৰিলে কমল কুমাৰ মেধিয়ে

অঘৰী দম্পতীক ঘূৰি ফুৰোতে পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ ৰাইজে থকাৰ এক সু-ব্যৱস্থা কৰি দিয়ে । বিদ্যালয়সমূহ সংলগ্ন কৰাৰ ফলত পৰিত্যক্ত অৱস্থাত থকা গায়ন বৈৰাগী গাঁৱৰ এখন বিদ্যালয়ৰ এটি কোঠাতে আশ্ৰয় প্ৰদান কৰে দম্পতীহালক ।

অন্ধ দম্পতীৰ মন্তব্য

1994 চনতে বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰা ব্যক্তি গৰাকীয়ে নিজৰ জীৱন সংগ্ৰাম চলাই যোৱাৰ বাবে বৰ্তমান নিজৰ জীয়ৰীৰ সহায়ত মানুহৰ ঘৰে ঘৰে খুজি জীৱন অতিবাহিত কৰিছে ৷ পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ ৰাইজৰ বাবেই এটি আশ্ৰয় গৃহ পাই তেওঁলোকে সুখী অনুভৱ কৰে ৷ উল্লেখ্য যে, তেওঁলোকৰ কন্যাই বৰ্তমান অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে ।

লগতে পঢ়ক :বড়োভূমিত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিম : প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details