ৰহা,8 ডিচেম্বৰঃ যিসময়ত ৰাজ্য চৰকাৰে দিব্যাংগসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিছে সেই সময়ত আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছে একাংশ দিব্যাংগ ৷ ৰহাৰ সৰিয়হতলিৰ মিলনপুৰৰ তপন নাথ আৰু বন্দনা দেৱীৰ দুটিকৈ দিব্যাংগ সন্তানে আজিকোপতি লাভ নকৰিলে কোনোধৰণৰ চৰকাৰী সা-সুবিধা ৷ অভিযোগ অনুসৰি, বাৰম্বাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসক এইক্ষেত্ৰত অনুনয়-বিননয় কৰাৰ পিছতে কোনো কাণসাৰ নাই বিধায়কগৰাকীৰ ৷
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত ৰহাৰ দিব্য়াংগ শিশু - বিধায়ক ডিম্বেশ্বৰ দাস
ৰহাৰ সৰিয়হতলিৰ মিলনপুৰৰ তপন নাথ আৰু বন্দনা দেৱীৰ দুটিকৈ দিব্যাংগ সন্তানে আজিকোপতি লাভ নকৰিলে কোনোধৰণৰ চৰকাৰী সা-সুবিধা ৷ অভিযোগ অনুসৰি, বাৰম্বাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসক এইক্ষেত্ৰত অনুনয়-বিননয় কৰাৰ পিছতে কোনো কাণসাৰ নাই বিধায়কগৰাকীৰ ৷
![চৰকাৰী আঁচনিৰ পৰা বঞ্চিত ৰহাৰ দিব্য়াংগ শিশু physically-disabled-child](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9803481-92-9803481-1607405949540.jpg)
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত ৰহাৰ দিব্য়াংগ শিশু
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত ৰহাৰ দিব্য়াংগ শিশু
তদুপৰি ৰাজ্য চৰকাৰে দিব্যাংগসকলৰ সুবিধাৰ্থে অৰুণোদয় আঁচনি ৰূপায়ণ কৰিছে যদিও এই আঁচনিৰ পৰাও বঞ্চিত কণমানি দুটি দিব্যাংগ শিশু ৷ প্ৰশ্ন হয়, নিৰ্বাচনী বৈতৰণী পাৰ হ'লেই জনপ্ৰিতিনিধিয়ে পাহৰি যায় নেকি নিজৰ প্ৰতিশ্ৰুতিসমূহ ? কিয় গা এৰা দিয়ে দৰিদ্ৰ লোকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত? স্থানীয় লোকৰ অভিযোগ, আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবেই চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হয় দৰিদ্ৰ লোকসকল ৷
লগতে পঢ়কঃপাৰ্টী চাই নহয় প্ৰাৰ্থী চাইহে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত ভোটদান কৰিব: ৰিমল আমচি