অসম

assam

ETV Bharat / state

PDS rice distribution: সুলভ মূল্যৰ চাউলৰ নামত ৰাইজক বৰবিহ যোগান - Phulaguri cooperative society negligence

ৰাইজক বিনামূলীয়া চৰকাৰী চাউলৰ নামত বিষাক্ত, অস্বাস্থ্যকৰ চাউল যোগান ধৰিছে ফুলগুৰিৰ জাগীয়াল সমবায় সমিতিয়ে । শিল-বালি আৰু আৱৰ্জনাৰ মাজত পেলাই থোৱা হৈছে বৃহৎ পৰিমাণৰ চাউল (Unhygienic rice supply by cooperative society)। সেই চাউলে পুনৰ বস্তাত ভৰাই সুলভ মূল্যৰ দোকানলৈ প্ৰেৰণ কৰিছে । যোগান বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সমবায় সমিতিৰ ।

PDS rice distribution
সুলভ মূল্যৰ চাউলৰ নামত ৰাইজক বৰবিহ যোগান

By

Published : Feb 16, 2023, 1:06 PM IST

সুলভ মূল্যৰ চাউলৰ নামত ৰাইজক বৰবিহ যোগান

ৰহা, ১৬ ফেব্ৰুৱাৰী :চৰকাৰী বিনামূলীয়া চাউলৰ নামত ৰাজ্যৰ ভিন্ন প্ৰান্তত কেলেংকাৰী অব্যাহত আছে (PDS rice scam)। সমবায় সমিতি আৰু একাংশ বিষয়া-কৰ্মচাৰী এই দুৰ্নীতিত জড়িত হৈ পৰিছে । যাৰ পৰিণতিত ৰাজ্যৰ দৰিদ্ৰ লোকে চৰকাৰী অস্বাস্থ্যকৰ চাউল খাবলগীয়া হৈছে । তেনে এক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰহাৰ ফুলগুৰিৰ জাগীয়াল সমবায় সমিতিত (PDS rice scam in Nagaon)। চাউল ৰিফিলিঙৰ নামত সমবায় সমিতিয়ে শিল,বালি আৰু আৱৰ্জনাৰে ভৰা চাউল যোগান ধৰিছে ৰাইজক । সাংবাদিকৰ কেমেৰাত বন্দী হৈছে গুদামৰ ভিতৰৰ কদৰ্যময় পৰিৱেশ ।

কথাতে কোৱা হয় যে বিনামূলীয়া কোনো বস্তুৰে মূল্য নাই । এই কথাষাৰ আকৌ এবাৰ সত্য প্ৰমাণিত হ'ল । এই প্ৰতিবেদন দেখাৰ পাছত আপোনালোকে নিজেও স্বীকাৰ কৰিব এই কথা । চৰকাৰে ৰাইজক যোগান ধৰা বিনামূলীয়া চাউলৰ নামত আচলতে কি চলিছে ৰহাত ? কেনেধৰণৰ চাউল ৰাইজক যোগান ধৰে সমবায় সমিতিসমূহে ? এইয়া যেন চাউল নহয়, চাউলৰ নামত বৰবিহ !

চাউলৰ নামত ৰাইজক বৰবিহ যোগান ধৰি আহিছে ৰহাৰ একাংশ সমবায়ে । ৰহাৰ সমীপৱৰ্তী ফুলগুৰিৰ জাগীয়াল সমবায় সমিতিৰ বিৰুদ্ধেও এই অভিযোগ উত্থাপন হৈছিল । ৰাইজৰ অভিযোগৰ পাছতে সাংবাদিকৰ এটা দল গৈ উপস্থিত হয় সমবায় সমিতিখনৰ গুদামত । গুদামৰ ভিতৰৰ দৃশ্য দেখি অবাক সাংবাদিক । কাৰণ চাউল ৰিফিলিঙৰ নামত‌ অস্বাস্থ্যকৰ পৰিৱেশত গুদামৰ ভিতৰত জাৱৰ আৰু আৱৰ্জনাৰে ভৰা চাউল যোগান ধৰি আহিছে জাগীয়াল সমবায় সমিতিয়ে (PDS rice distribution scam)।

সমবায়খনৰ অন্তৰ্গত সুলভ মূল্যৰ দোকান সমূহলৈ লেতেৰা আৰু অস্বাস্থ্যকৰ চাউল নিতৌ যোগান ধৰে সমবায় সমিতিয়ে (Unhygienic rice supply by cooperative society)। আনহাতে ৰাইজেও সেই চাউলকে সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ কৰিবলৈ বাধ্য হয় । শিল-বালিকে ধৰি চৰাইৰ মল-মূত্ৰ মিহলি হৈ গুদামৰ ভিতৰতে পৰি আছে কুইণ্টলে কুইণ্টলে চাউল । ইফালে এই সম্পৰ্কে অভিযোগ দিলেও কোনো ব্যৱস্থা নলয় নগাঁও জিলাৰ যোগান বিভাগে ।

সকলো দেখিও যেন নিমাত নগাঁৱৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ (Phulaguri cooperative society negligence)। ইফালে এই সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰাত জাগীয়াল সমবায় সমিতিৰ সভাপতিগৰাকীয়ে অভিযোগ কৰা মতে নগাঁও জিলাৰ প্ৰতিখন সমবায়ৰ গুদামতে এনে এক লেতেৰা পৰিৱেশ দেখা যায় । নগাঁও খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰি সভাপতিগৰাকীয়ে ক‌য় যে বহু চাউলৰ বস্তা ফটা-ছিটা অৱস্থাত আৰু প্ৰায় সংখ্যক চাউলতে আৱৰ্জনা মিহলি হৈ আহে ।

স্থানীয় ৰাইজৰ দাবী, এনে আৱৰ্জনাময় বিনামূলীয়া চাউল ৰাইজক খাবলৈ দি মৃত্যুমুখলৈ ঠেলি দিয়া যোগান বিভাগ তথা সমবায় সমিতিসমূহৰ বিৰুদ্ধে চৰকাৰে অনতি পলমে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু দোষী বিষয়াক উপযুক্ত শাস্তি দিব লাগে ।

লগতে পঢ়ক :Cattle smuggling in Dhubri: বিলাসীপাৰাত ৰাইজে জব্দ কৰিলে চোৰাং গৰু

ABOUT THE AUTHOR

...view details