কলিয়াবৰ, 20 মে’: কলিয়াবৰত বৃদ্ধি পোৱা কৰ'ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক উল্লেখনীয় পদক্ষেপ ৷ বৃহস্পতিবাৰৰে পৰা কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে কলিয়াবৰৰ বাণিজ্যিক স্থান সমূহত চেনিটাইজেচনৰ ব্যৱস্থা কৰিছে । কলিয়াবৰত ক’ভিড-১৯ৰ গণ সংক্ৰমণৰ আংশকা কৰা হৈছে ।
জানিব পৰা মতে, কলিয়াবৰত তিনিটাকৈ কণ্টেইনমেন্ট জ'ন ঘোষণা কৰা হৈছে ৷ আনহাতে, নতুনকৈ চাৰিজন ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে । সম্প্ৰতি কলিয়াবৰত ৭০৫ গৰাকী ৰোগী কৰ’ণাত আক্ৰান্ত হৈছে ।