বঢ়মপুৰ, 10 মাৰ্চ: বৰক'লা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ সৈতে অশালীন ব্যৱহাৰৰ অভিযোগ ফাৰ্মাচিষ্টৰ বিৰুদ্ধে ৷ জ্বৰ-কাঁহ দেখুৱাবলৈ অহা এগৰাকী নৱ বিবাহিত মহিলাক স্বাস্থ্য পৰীক্ষাৰ নামত ফাৰ্মাচিষ্ট চম্পক হাজৰিকাই নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷
ঘটনা অনুসৰি, তিনিদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল মহিলাগৰাকী ৷ কিন্তু চিকিৎসায়ল খনত চিকিৎসক তথা নাৰ্চ কোনো নথকাত ফাৰ্মাচিষ্ট চম্পক হাজৰিকাই মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ কিন্তু ফাৰ্মাচিষ্ট গৰাকীয়ে মহিলাগৰাকীক গৰ্ভৱতী পৰীক্ষাৰ নামত অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷