নগাঁও, 3 জুলাইঃ ৰাজ্যজুৰি পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ প্ৰভাৱ দেখিবলৈ পোৱা গ'ল নগাঁৱতো ৷ শুকুৰবাৰে পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিলে নগাঁও জিলা ছাত্ৰ সন্থাই ৷ নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত চৰকাৰ বিৰোধী ধ্বনিৰে, কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ নাৰায়ণ আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷ মহামাৰীৰ এনে সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা বিষয়ক ছাত্ৰ সংগঠনটোৱে তীব্ৰ গৰিহণা প্ৰদান কৰে ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ দাবীৰে নগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ
পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীৰে শুকুৰবাৰে নগাঁও জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদস্থলীত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ নাৰায়ণ আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷
ৰাজ্য চৰকাৰৰ যোগান বিভাগক এক ব্যৰ্থ বিভাগ হিচাপে উল্লেখ কৰে, নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে ৷ যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰ সমূহ পৰিদৰ্শন কৰিব লাগিছিল তেনে সময়তে, কেইটামান কমিছনৰ লোভত ৰাজ্যৰ যোগান মন্ত্ৰী গৰাকী দিছপুৰতে সোমাই আছে বুলি মন্তব্য কৰে ছাত্ৰ নেতা গৰাকীয়ে ৷ যদিহে চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে তেন্তে আগন্তুক নিৰ্বাচনত বিজেপি দল ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়কঃকৰিমগঞ্জত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ
TAGGED:
নগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ