নগাঁও,১২ জানুৱাৰী :বটদ্ৰৱাৰ হাটীচোং মৌজাৰ অন্তৰ্গত বগৰিগুৰি কিচামতৰ কৃষি ভূমিত অবৈধভাৱে ইটা ভাটা স্থাপন কৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তজেনা(People stand against setting up of brick manufacturing unit) । বুধবাৰে ইটা ভাটা স্থাপনক লৈ ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছিল (Public meeting on setting up of brick manufacturing unit)। ৰাজহুৱা সভাতে ৰাইজৰ ৰোষত পৰিল প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অভিযন্তা (PCB engineer gets in public wrath)।
উল্লেখ্য যে সভাত ৰাইদঙীয়া পঞ্চায়তৰ ১০ খন গাওঁৰ ৰাইজৰ কৃষি ভূমি বিনষ্ট কৰি ইটা ভাটা স্থাপন কৰিবলৈ আগবঢ়া কাৰ্যক লৈ দুটা পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় । ৰাইদঙীয়া পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত সভাত এন কে ব্ৰিকছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে ৰাইজৰ অজ্ঞাতে অতি গোপনীয়ভাৱে অনুজ্ঞা পত্ৰ লাভ কৰা বিষয়টোক লৈ প্ৰথম অৱস্থাত তীব্ৰ হুলস্থূলৰ সৃষ্টি হয় । উল্লেখ্য যে ইটা ভাটা স্থাপনক লৈ বিগত আগষ্ট মাহৰ পৰা জিলা উপায়ুক্ত আৰু প্ৰদূষণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ ওচৰত স্থানীয় বগৰিগুৰি পথাৰৰ কৃষি ভূমিৰ ম্যাদী পট্টাদাৰ সকলে অভিযোগ দাখিল কৰি অহাৰ পাছতো ইটা ভাটাৰ অনুজ্ঞা বাতিল কৰা কিম্বা বিভাগীয়ভাৱে এই ভাটাটো বন্ধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে ৰাইজ (People stand against setting up of brick manufacturing unit)।