অসম

assam

ETV Bharat / state

পূৰ্বৰ সংঘাত পাহৰি অসম সমবায় মৰাপাট কল ৰক্ষাৰ পদক্ষেপ কৰ্তৃপক্ষৰ - কলিয়াবৰ

পূৰ্বৰ সকলো সংঘাত পাহৰি অসম সমবায় মৰাপাট কলটোক জীয়াই ৰখাৰ স্বাৰ্থত, পুনৰ আগুৱাই আহিবলৈ সাজু কল কৰ্তৃপক্ষৰ লগতে শ্ৰমিক সকল ৷

অসম সমবায় মৰাপাট কল
অসম সমবায় মৰাপাট কল

By

Published : Nov 3, 2020, 10:18 AM IST

কলিয়াবৰ, 3 নৱেম্বৰ:অসম সমবায় মৰাপাট কল পৰিচালক আৰু শ্ৰমিকৰ মাজত সংঘাত ৷ কল কৰ্তৃপক্ষৰ বিপক্ষে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচত কলটোৰ ভৱিষ‍্যতক লৈ কৰ্তৃপক্ষ, শ্ৰমিক-কৰ্মীপক্ষ আৰু কলিয়াবৰবাসী ৰাইজ সম্প্ৰতি চিন্তিত ৷ তাৰ মাজতে সমাধানৰ বাট উলিওৱাত ব‍্যস্ত মৰাপাট কলৰ শ্ৰমিক-কল প্ৰৱন্ধন গোষ্ঠী ৷ পূৰ্বৰ সকলো সংঘাত পাহৰি কলটোক জীয়াই ৰখাৰ স্বাৰ্থত পুনৰ আগুৱাই আহিবলৈ সাজু তেওঁলোক ৷

পূৰ্বৰ সংঘাত পাহৰি অসম সমবায় মৰাপাট কল ৰক্ষাৰ পদক্ষেপ কৰ্তৃপক্ষৰ

কলটোৰ প্ৰৱন্ধন পৰিচালকে জানিবলৈ দিয়া অনুসৰি, ক'ভিড-19 ৰ সময়ছোৱাত দৰমহা কৰ্তনৰ ব‍্যৱস্থা কেৱল শ্ৰমিকসকলৰ বাবেই প্ৰযোজ‍্য হোৱাৰ যিটো অভিযোগ শ্ৰমিকসকলে তুলিছে সেইয়া কিছুমান ভুল বুজাবুজিহে আছিল ৷ সেই টকা উচ্চ পদস্থ বিষয়াৰ পৰা সকলো কৰ্মচাৰীৰে কৰ্তন কৰা হৈছিল ৷ কৰ্তন কৰা সমুদায় দৰমহা বৰ্তমান কৰ্তৃপক্ষই জমা ৰাখি কলটোৰ বিত্তীয় অৱস্থা টনকীয়াল হ'লে শ্ৰমিক-কৰ্মচাৰী, বিষয়াবৰ্গক ওভতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আনহাতে কলটোৰ ভৱিষ‍্যতৰ প্ৰতি লক্ষ‍্য ৰাখি ইতিমধ‍্যে শ্ৰমিকসকলেও অনতিপলমে মৰাপাট যোগান ধৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক:নগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details