কলিয়াবৰ, 4 জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰাইজক আগন্তুক সময়ছোৱাত অসম চৰকাৰৰ বন বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বলি হোৱাৰ আগতেই কলিয়াবৰবাসী ৰাইজক সচেতন কৰাৰ অৰ্থে বৃহস্পতিবাৰে জখলাবন্ধাৰ মিলন সংঘৰ প্ৰাংগনত এক সভা অনুষ্ঠিত হয় । সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক'-চেনচেটিভ জ'ন, কাজিৰঙা ৰাষ্ট্ৰীয় এনিমেল কৰিড'ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰৰ নতুন ডেভেলপমেণ্ট জ'নৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে কলিয়াবৰবাসী ৰাইজ - kaliabar
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক'-চেনচেটিভ জ'ন, কাজিৰঙা ৰাষ্ট্ৰীয় এনিমেল কৰিড'ৰ আৰু নুমলীগড় ৰিফাইনেৰীৰ ন' ডেভেলপমেণ্ট জ'ন ,চাৰিটা এনিমেল কৰিড'ৰ থকাৰ পাচতো আৰু পাঁচটা সংযোগ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে কলিয়াবৰৰ গৰিষ্ঠসংখ্যক লোক ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে কলিয়াবৰবাসী ৰাইজ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে কলিয়াবৰবাসী ৰাইজ
সভাত প্ৰকৃতিপ্ৰেমীক আতৰত ৰাখি কাজিৰঙা উদ্যান কৰ্তৃপক্ষই লোৱা এই সিদ্ধান্তক উপস্থিত ৰাইজে সমস্বৰে তীব্ৰ বিৰোধিতা কৰে । কাজিৰঙাৰ দাঁতিকাষৰীয়া জনবসতি অঞ্চলসমূহ ইক'-চেন্চেটিভ জ'নৰ পৰা বাহিৰত ৰখা, জীৱ-জন্তু পাৰ নোহোৱা স্থানসমূহ এনিমেল কৰিড'ৰত অন্তৰ্ভূক্ত নকৰা আৰু কোনো কাৰণতে যাতে কামাখ্যা, কুকুৰাকটা, বাঘচেৰ আৰু চিৰাং সংৰক্ষিত বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংলগ্ন নকৰিবলৈ দাবী জনোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কলিয়াবৰৰ ৰাইজে ।