কলিয়াবৰ, 24 জুন:কলিয়াবৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তত্বাৱধানত জলজীৱন আঁচনিৰ ফোঁপোলা স্বৰূপ(Jal Jeevan Scheme) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ জনগণৰ সুবিধাৰ্থে জলজীৱন আঁচনি নামৰ এক অভিলাষী আঁচনি ৰূপায়ণ কৰিছিল । সেইমৰ্মে অসমৰ চুকে-কোনে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী পাব পৰাকৈ স্থাপন কৰা হৈছিল নল ।
সমান্তৰালকৈ কলিয়াবৰতো ঘৰে-ঘৰে বিশুদ্ধ খোৱা পানী পাব পৰাকৈ নল স্থাপন কৰা হৈছিল । কিন্তু নল স্থাপন কৰাৰ পাচৰে পৰা ৰাইজে আজি পৰ্যন্ত পানী লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে (Pradhan Manti Jal Jeevan Scheme in Kaliabor)।