অসম

assam

By

Published : Aug 23, 2020, 2:16 PM IST

ETV Bharat / state

বিধ্বস্ত পথৰ বাবে জীয়াতু ভুগিছে বঢ়মপুৰ সমষ্টিৰ নিজকামপুৰবাসীয়ে

বঢ়মপুৰ সমষ্টিৰ নিজকামপুৰ পঞ্চায়তৰ বাসিন্দা সকলে এটা বিধ্বস্ত পথক লৈ দীৰ্ঘদিনে জীয়াতু ভুগিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ বাবে তেওঁলোকে জগৰীয়া কৰে স্থানীয় জন প্ৰতিনিধি সকলক ৷

ঢ়মপুৰ সমষ্টিৰ নিজকামপুৰবাসী
ঢ়মপুৰ সমষ্টিৰ নিজকামপুৰবাসী

বঢ়মপুৰ, 23 আগষ্ট: এটা বিধ্বস্ত পথক লৈ দীৰ্ঘদিনে জীয়াতু ভুগিবলগীয়া হৈছে বঢ়মপুৰ সমষ্টিৰ নিজকামপুৰ পঞ্চায়তৰ বাসিন্দাসকলে ৷ বিগত 2017 বৰ্ষত নিজকামপুৰ পঞ্চায়তে ১৮ লাখ ৯০ হাজাৰ টকা ব্যয়ৰে ৪ নং ৱাৰ্ডৰ ভেবেঙাআটি গাঁৱলৈ যোৱা পথটো চিচি ব্ল'কেৰে নিৰ্মাণ কৰিবলগীয়া আছিল ৷ কিন্তু মাত্ৰ 15-20 মিটাৰ কাম কৰিয়েই বিগত পঞ্চায়তৰ সভানেত্ৰী বন্দনা বৰাই পথ নিৰ্মাণৰ কামৰ দায়িত্ব সামৰিলে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পথটো নিৰ্মানৰ নামত আৱণ্টিত সিংহভাগ ধন সভানেত্ৰীগৰাকীয়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি দেওবাৰে অঞ্চলটোৰ লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

বিধ্বস্ত পথৰ বাবে জীয়াতু ভুগিছে বঢ়মপুৰ সমষ্টিৰ নিজকামপুৰবাসীয়ে

বৰ্তমানৰ পঞ্চায়ত সভাপতি নিৰঞ্জন বৰাৰ পৰিয়ালে বিগত বহু বছৰ ধৰি পঞ্চায়তখন দখল কৰি ব্যক্তিগত সম্পত্তি গঢ়াৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷ এই ক্ষেত্ৰত ৰাইজে দোষাৰোপ কৰিছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তকো ৷ 2017 চনতে তেওঁ উন্মোচন কৰিছিল পথটো ৷ কিন্তু উন্মোচন কৰিয়েই তেওঁ দায়িত্ব সামৰিলে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ দীৰ্ঘদিনে বিধ্বস্ত পথটোৰ বাবে জীয়াতু ভুগি অহা ৰাইজে উপায়ন্তৰ হৈ সম্প্ৰতি সংবাদ মাধ্যমযোগে পথটো নিৰ্মাণত হোৱা অনিয়মৰ কথা উল্লেখ কৰিবলৈ বাধ্য হয় বুলি উল্লেখ কৰে ৷ লগতে 2021 ৰ নিৰ্বাচনত জন প্ৰতিনিধিসকলক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও ৰাইজে সকিয়নী প্ৰদান কৰে ৷

2017 বৰ্ষতে স্থাপন কৰা হৈছিল পথটোৰ আধাৰশিলা

লগতে পঢ়ক:হাইলাকান্দিত উপ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণত অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details