অসম

assam

ETV Bharat / state

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ জুৰীয়াৰ কলনীজলাহত - পানী যোগান আঁচনি

নগাঁৱৰ জুৰীয়াৰ কলনীজলাহত নামতহে আছে পানী যোগান আঁচনি । এই পানী যোগান আঁচনিৰ পৰা এটুপি বিশুদ্ধ খোৱাপানীও নাপায় স্থানীয় ৰাইজে । বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিত প্ৰায় ৭ বছৰে বিকল হৈ আছে কলনীজলাহত থকা পানী যোগান আঁচনি ।

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ জুৰীয়াৰ কলনীজলাহত
এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ জুৰীয়াৰ কলনীজলাহত

By

Published : Feb 11, 2021, 10:03 PM IST

ৰূপহীহাট, ১১ ফেব্ৰুৱাৰী: চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে নগাঁৱৰ জুৰীয়াৰ কলনীজলাহত থকা এখন পানী যোগান আঁচনিয়ে । চৰকাৰে ৰাইজৰ সুবিধাৰ্থে পানী আঁচনিৰ ব্যৱস্থা কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাত এতিয়া জৰাজীৰ্ণ ৰূপ লৈছে ।

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ জুৰীয়াৰ কলনীজলাহত

স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা মতে, ৰূপহীহাট সমষ্টিৰ জুৰীয়া গাঁও পঞ্চায়তৰ কলনীজলাহত থকা পানী যোগান আঁচনিখন প্ৰায় সাত বছৰ ধৰি বিকল হৈ আছে । ফলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে । বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ লোকসকলে লেতেৰা পানী সেৱন কৰি নানা ধৰণৰ ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে ।

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ জুৰীয়াৰ কলনীজলাহত

জুৰীয়া কলনীজলাহত থকা পানী যোগান আঁচনিখনত কৰ্মৰত কৰ্মচাৰীজনে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । এই দুৰ্দশাৰ কথা চিন্তা কৰি জনসাধাৰণক এটুপি বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰে অনুৰোধ জনাইছে স্থানীয় ৰাইজে ।

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ জুৰীয়াৰ কলনীজলাহত
লগতে পঢ়ক:জোনাইত পত্নীক কেৰাচিন ঢালি হত্যাৰ চেষ্টা স্বামীৰ

ABOUT THE AUTHOR

...view details