বটদ্ৰবা, 13 এপ্ৰিল :আজি বাপতি সাহোন ৰঙালী বিহু । সমগ্ৰ দেশতে কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চলি আছে লক্ ডাউন । এই লক্ ডাউনৰ মাজতে আহিছে অসমীয়া হিয়াৰ আমঠু ৰঙালী বিহু অৰ্থাৎ বহাগ বিহু । এই বেলি অসমীয়াৰ মাজত নাই বিহুৰ উৎসাহ উদ্দীপনা । উদাস মন এটি লৈ ৰাজ্যবাসীয়ে পালন কৰিছে বিহুটি ।
বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক ! - বিহু নৃত্য
আজি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথমটো বিহু । লক্ ডাউন আৰু মহামাৰীৰ আতংকৰ মাজতে বিহু নৃত্যৰ সমন্তৰালকৈ নিজেই ঢোল আৰু তাল বজায় ঘৰৰ ভিতৰতে বিহু মাৰিছে নগাঁৱৰ ককা আৰু নাতিয়ে ।
![বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক ! people celebrating bihu in assam along with their family](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6775957-346-6775957-1586773940816.jpg)
ৰাইডঙীয়াৰ এগৰাকী আশী বছৰীয়া ককা । বিহু বুলিলে ৰৈ থাকিব নোৱাৰা এই গৰাকী ককাৰ নাম মানিক কলিতা । কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ককাইয়ো বিহু উপলক্ষে ঘৰৰ ভিতৰতে এফাকি বিহু গীত জুৰি বজাইছে ম'হৰ শিঙৰ পেঁপা । বিহু নৃত্যৰ লগতে, তাল বাদন, ঢোল বাদন কৰি নিজস্ব প্ৰতিভা বিকাশ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে এইগৰাকী শিল্পী মানিক কলিতাই । বিহুৰ দিনাও শিল্পী গৰাকীয়ে নিজৰ ঢোল পেঁপা বাদন কৰাৰ লগতে বিহু গীত গাই ব্যস্ত হৈ পৰিছে । কাৰণ বিহু আহিলে ৰৈ থাকিব নোৱাৰে এই তেওঁ । শিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মহৰ শিঙৰ পেঁপাৰ মাতে লক্ ডাউনৰ সময়তে ৰাইডঙীয়া অঞ্চললৈ কঢ়িয়াই আনিছে বিহুৰ বতৰা । ইফালে বিহুৰ আগমনৰ লগে লগে গাত তত নাইকীয়া হৈ পৰে ঢুলীয়া-নাচনীৰ । ঠিক তেনে সময়তে নিজৰ পৰিয়ালৰ লগতে বিহু নৃত্য কৰাত ব্যস্ত গৰাকী শিল্পী জাগৃতি কলিতা । বিহু নৃত্যৰে সুখ্যাতি লাভ কৰা জাগৃতিয়ে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ ত্ৰিশ খনৰো অধিক মঞ্চত স্থান দখল কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। কিন্তু বৰ্তমান দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ পিতৃ, মাতৃ আৰু ভনীয়েকক লগতে বিহু উপলক্ষে বিহু নৃত্যৰ লগতে আনন্দ স্ফূৰ্তি কৰি বাপতি সাহোন ৰঙালী বিহু উৎযাপন কৰিছে জাগৃতিয়ে । সকলোৱে লক্ ডাউনৰ নিৰ্দেশনা মানি নিজকে গৃহবন্দী কৰি ৰাখি ঘৰতে পৰিয়ালৰ লোকৰ মাজত আনন্দ কৰিবলৈ আহ্বান জনাইছে শিল্পী গৰাকীয়ে ।
লগতে পঢ়ক :ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : ৰাজীৱ ইন্দেৱাৰ আৰু লক্ষ্মী ইন্দোৱাৰক সাহাৰ্যৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ !