চামগুৰি, 27 নৱেম্বৰ :চামগুৰিৰ ৰাজহ চক্ৰ কাৰ্যালয়(Samaguri revenue circle office)ত মাটি দালালৰ দপদপনি । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই দালালৰাজ চলাই কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰীৰ লগতে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰী সোঁৱে-বাঁৱে থকা একাংশ লোকে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি দুদিন পূৰ্বে মন্ত্ৰী যোগেন মহনে চাডেন ভিজিত দিয়া কাৰ্যালয়টোত অন্ত পৰা দালালৰ দপদপনি ৷
স্থানীয় একাংশ লোকৰ অভিযোগ কৰা মতে, ৰফিক নামৰ এগৰাকী লোকে মাটিৰ বিভিন্ন কাম-কাজ নামত কাৰ্যালয়টোত দালালৰাজ চলাই আহিছে ৷ আনকি টকা পইচা লেনদেনত বিভিন্নজনক দাবী-ধমকি দি অহাৰ অভিযোগ উত্থাপন হৈছে ৰফিকৰ বিৰুদ্ধে ৷ মাটিৰ কাম-কাজ কৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা বহু পূৰ্বে টকা লোৱাৰো অভিযোগ আছে ৰফিকৰ বিৰুদ্ধে ৷