নগাঁও, 17 নৱেম্বৰ: নগাঁৱৰেই নহয় সম্প্ৰতি মধ্য অসমৰ উন্নত চিকিৎসাৰ একমাত্ৰ ভৰষাস্থল এইখন নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় (Nagaon BPCH news)। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাতে থকা এইখন চৰকাৰী চিকিৎসালয়ৰ স্বৰূপ উদঙালে একাংশ ৰোগীয়ে । বাহিৰত জাক জমকতা যিমানেই নাথাকক, চিকিৎসালয়খনত একাংশ ৰোগীয়ে চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিয়েই উদঙাইছে চিকিৎসালয়খনৰ চিকিৎসা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ (Poor infrastructure in Nagaon civil hospital) ।
চিকিৎসালয়খনৰ ভিতৰত ৰোগীৰ অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত বিছনাৰ অভাৱত পকীত শুৱাইয়েই কৰিবলগীয়া হৈছে চিকিৎসা । চিকিৎসালয়খনত নতুনকৈ মুকলি কৰা এটা কক্ষত ৰোগীৰ বাবে বহিবলৈয়ে নাই এখন চকী । যাৰ বাবে যিমান সংকটজনক ৰোগীয়েই নহওক কিয় থিয় কৰায়েই চিকিৎসা অথৱা স্বাস্থ্য পৰীক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ একাংশ আত্মীয়ই (Patients got harassment in Nagaon civil hospital)।
আনকি সাপে খুটিওৱা জৰুৰী ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰতো চিকিৎসালয়খনৰ চিকিৎসকে সম্পূৰ্ণ অৱহেলা কৰাৰো অভিযোগ উত্থাপন হৈছে । সাপে খুটিওৱা জৰুৰী অৱস্থাৰ এগৰাকী ৰোগীক বৃহস্পতিবাৰে চিকিৎসাৰ নামত চূড়ান্ত হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে । কেৱল এয়াই নহয় নগাঁৱৰ বামুনীৰ পৰা জৰুৰীকালীন চিকিৎসাৰ বাবে অহা আন এগৰাকী ৰোগীকো চিকিৎসা প্ৰদানৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে (Nagaon BPCH pathetic condition) ।