নগাঁও,১৩ আগষ্ট :নগাঁও তথা মধ্য অসমৰেই উন্নত চিকিৎসাৰ একমাত্ৰ ভৰসা চৰকাৰী চিকিৎসালয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে (Tense situation at Nagaon Bhogeswari Phukanani Civil Hospital)। শুকুবাৰে নিশা এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ । জানিব পৰা মতে নগাঁৱৰ ম'হখুলিৰ চামিৰণ নেছা নামৰ মহিলাগৰাকীক হাস্পতালখনত বৃহস্পতিবাৰে ভৰ্তি কৰোৱা হৈছিল ।
দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত মহিলাগৰাকী হঠাৎ অসুস্থ হৈ পৰাত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত । কিন্তু চিকিৎসালয়ত ভৰ্তি হৈ থকা মহিলাগৰাকীক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসক আৰু নাৰ্চৰ বিৰুদ্ধে । মহিলাগৰাকীক চিকিৎসা প্ৰদানত চূড়ান্ত গাফিলতি কৰাৰ উপৰিও মাত্ৰ এটা বেজী দিয়াৰ বাবদ পৰিয়ালটোৰ পৰা ধন লোৱাৰো গুৰুতৰ অভিযোগ কৰিছে মহিলাগৰাকীৰ পৰিয়ালে (Patient dies due to doctors mistake in Nagaon)।