কলিয়াবৰ,২৬ অক্টোবৰ: সাংস্কৃতিক ক্ষেত্ৰখনৰ এক চিনাকী স্থান কলিয়াবৰ । সত্ৰীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত অশেষ কষ্ট স্বীকাৰ কৰি আহিছে কলিয়াবৰৰ একাংশ সাংস্কৃতিকপ্ৰমী ৰাইজে । ভাওনা সংস্কৃতিক প্ৰজন্মৰ পাছত প্ৰজন্মক চিনাকী কৰাই দিয়াত কৰা কোনো কৃপণালি । সমান্তৰালভাৱে কলিয়াবৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ সৃষ্টিৰাজিৰ প্ৰতি নৱ-প্ৰজন্মক আগ্ৰহ আৰু সমাদৰ সৃষ্টি কৰা, জগত সভাত প্ৰতিষ্ঠা কৰাৰ মহান উদ্দ্যশ্যেৰে 'বংশধৰ' নামৰ অনুষ্ঠানটোৱে অনুষ্ঠিত কৰে 'নাটবৰ নাটকম' শীৰ্ষক অনুষ্ঠান ।
কলিয়াবৰৰ ভিঞাৰী গাঁৱৰ কীৰ্ত্তন গৃহত বংশধৰৰ প্ৰশিক্ষাৰ্থীসকলৰ অভিনয়ৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত 'পাৰিজাত হৰণ' ভাওনা প্ৰদৰ্শন কৰা হয় । তদুপৰি, 'নাটবৰ নাটকম'তে 'বংশধৰ বঁটা' আৰু 'বংশধৰ যুৱ বঁটা প্ৰদান কৰা হয় । মুখ্যতঃ মহিলা কুশীলৱৰ দ্বাৰা মঞ্চস্থ হোৱা অংকীয়া নাটখনে দৰ্শকৰ মাজত সমাদৰ লাভ কৰা পৰিলক্ষিত হয় । অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধদেৱৰ আদৰ্শৰে প্ৰতিষ্ঠিত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰশিক্ষণ অনুষ্ঠান বংশধৰে প্ৰথম বাৰ্ষিক অংকীয়া নাট মহোৎসৱ নটবৰ নাটকম শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে ।