কলিয়াবৰ, 31 মে': ইণ্ডো-নেপাল আন্তঃৰাষ্ট্ৰীয় গেমছ-২০২২ত ভাৰতে আজুৰি আনিলে সোণৰ পদক(Indo-Nepal International games 2022 India won Gold) । টাইকোৱাণ্ডোত সোণৰ পদক কঢ়িয়াই অসমলৈ গৌৰৱ কঢ়িয়ালে শিলঘাটৰ পৰশ জ্যোতি দাসে(Parasjyoti Das Brings Gold in International Games 2022) ।
ইণ্ডো-নেপাল আন্তঃৰাষ্ট্ৰীয় গেমছত জ্বিলিকিল অসমৰ পৰশ ২৮ মে'ৰ পৰা নেপালৰ কাঠমাণ্ডুত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল ইণ্ডো-নেপাল আন্তঃৰাষ্ট্ৰীয় গেমছ-২০২২ । প্ৰতিযোগিতাত কলিয়াবৰৰ পৰশ জ্যোতি দাসে সোণৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিলে দেশলৈ ।
ইণ্ডো-নেপাল আন্তঃৰাষ্ট্ৰীয় গেমছত জ্বিলিকিল অসমৰ পৰশ পৰশ জ্যোতি দাসে সমৰকলা বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গেমছত । সমৰকলাৰ জৰিয়তে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে কণ কণ শিশুসকলক বিগত চাৰি বছৰে প্ৰদান কৰি আহিছিল সমৰকলাৰ প্ৰশিক্ষণ ।
ইণ্ডো-নেপাল আন্তঃৰাষ্ট্ৰীয় গেমছত জ্বিলিকিল অসমৰ পৰশ ২০১৮ বৰ্ষত কলিয়াবৰ টাইকোৱাণ্ডো একাডেমী প্ৰতিষ্ঠা কৰি বহু ছাত্ৰ-ছাত্ৰীক সমৰকলাৰ প্ৰশিক্ষণ দি আহিছিল মাৰ্ছেল খেলুৱৈ পৰশ জ্যোতি দাসে । পৰশ জ্যোতি দাসৰ নেতৃত্বত কলিয়াবৰ টাইকোৱাণ্ডো একাডেমীৰ পৰা বহু কণ কণ শিশুৱে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত সমৰকলাৰ খেলত অংশগ্ৰহণ কৰি সফলতা বুটলিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক :ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত দুটাকৈ পদক অৰ্জন টিংখাঙৰ পুষ্পা গগৈৰ