কলিয়াবৰ, 30 আগষ্ট: দুৰ্নীতিৰ বিৰূদ্ধে শূণ্য সহনশীল অসম চৰকাৰৰ শাসন কালত আকৌ ধৰা পৰিছে আন এক ছিণ্ডিকেটৰ অধ্যায় ৷ এইবাৰ প্ৰধানমন্ত্ৰী আবাস যোজনা আঁচনিৰ নামত কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবৰ নেতৃত্বত সংঘটিত হৈছে যোজনাৰ ঘৰ বন্ধা সামগ্ৰীৰ চিণ্ডিকেট ৷ আৱাস যোজনাৰ অধীনৰ গৃহ সমূহ নিৰ্মাণৰ বাবে গাঁও পঞ্চায়তৰ দুই মহিলা সভানেত্ৰী আৰু সচিবে নিৰ্দ্ধাৰিত কৰি দিয়া ৰাজমিস্ত্ৰীয়েহে সাজিব পাৰে ঘৰ লগতে তেওঁলোকে নিৰ্দ্ধাৰণ কৰি দিয়ে সামগ্ৰী আনিবৰ বাবে ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ কাঠফুলাৰ দৰে গঢ়ি উঠা এই ছিণ্ডিকেটৰ পাকচক্ৰত পৰি এতিয়া ত্ৰাহি মধুসুদন সোঁৱৰিছে পঞ্চায়তৰ হিতাধিকাৰীয়ে ৷
কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তত ব্যাপক ছিণ্ডিকেট ৰাজ! - পঞ্চায়ত সভানেত্ৰী
পঞ্চায়ত সভানেত্ৰী আৰু সচিবৰ নেতৃত্বত প্ৰধান মন্ত্ৰী আৱাস যোজনা আচনিত চলিছে ব্যাপক অনিয়ম ৷ সভাপতি-সচিবে নিদ্ধাৰ্ৰিত কৰি দিয়ে ৰাজমিস্ত্ৰী,সামগ্ৰী আনিবৰ বাবে ব্যৱসায়ীক প্ৰতিষ্ঠান ৷
চলিত বৰ্ষত পঞ্চায়তটোৰ ৪৬ গৰাকী হিতাধিকাৰীলৈ পি এম এ ৱাই আচঁনিৰ জৰিয়তে প্ৰতিজনৰ বিপৰীতে এক লাখ ত্ৰিশ হাজাৰ টকাকৈ অনুমোদিত মুঠ ৫৯,৮০০,০০০ টকাৰ চৈধ্য লাখ পঞ্চানব্বৈ হাজাৰ টকাৰ আৱন্টন লাভৰ পিছতে আৰম্ভ হৈছে এই চিণ্ডিকেট। চৰম একনায়কত্বৰ কায়দাৰে এতিয়া পঞ্চায়ত সভাপতি আৰু সচিবে কেৱল তেওলোকে নিদ্ধাৰ্ৰণ কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানে যোগান ধৰা ঘৰবন্ধা সামগ্ৰীহে পি এম এ ৱাই আচঁনিৰ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰিব কৰিব পাৰিব বুলি এক অঘোষিত নীতি নিৰ্দ্ধাৰণ কৰিছে ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল এখন চৰকাৰ শাসনত থকাৰ পাছতো কিদৰে গ্ৰামোন্নয়ন বিভাগত অতি সন্তৰ্পণে গা-কৰি উঠিছে পি এম ৱাই গৃহৰ সামগ্ৰী যোগানৰ চিণ্ডিকেট? এই অনিয়ম ৰোধ কৰাত চৰকাৰে এতিয়া কি পদক্ষেপ হাতত ল'ব পৰৱৰ্তী সময়ত ?