নগাঁও, ১৫ ফেব্ৰুৱাৰী: ৰাজ্যত নিতৌ সংঘটিত হৈ আছে নাৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনা (Rape Case in Assam)৷ সমাজৰ একাংশ অসাধু লোকৰ বাবেই যেন নিজৰ ঘৰখনতো প্ৰায়ভাগ কিশোৰী, যুৱতী কিম্বা মহিলাই নিৰাপত্তাহীনতাত ভুগিছে । নিতৌ বাতৰি কাকতৰ শিৰোনাম দখল কৰিছে নাৰী ধর্ষণ অথবা নাৰী নির্যাতনৰ ঘটনাই ৷ নাৰীৰ ওপৰত কৰা অত্যাচাৰ, নির্যাতন আদি প্ৰসংগসমূহৰ বিষয়ে চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংস্থাসমূহে বিভিন্ন সময়ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে যদিও ইয়াৰ পিছতো যেন সুৰক্ষিত হ’ব পৰা নাই মহিলাসকল ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ দৰে নগাঁও জিলাতো বৃদ্ধি পাবলৈ ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা । ইয়াৰ মাজতেই শেহতীয়াভাৱে জিলাখনৰ এজন পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে (Rape case in Nagaon) ।
নগাঁও জিলাৰ বিভিন্ন গাঁও পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে সততে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । কিন্তু এইবাৰ দুৰ্নীতি নহয়, ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে পঞ্চায়ত সভাপতি (Panchayat president arrested on rape charges) । ধৰ্ষণৰ অভিযোগত বটদ্ৰৱা আৰক্ষীৰ জালত পৰিছে এজন পঞ্চায়ত সভাপতি । ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জনপ্ৰতিনিধিজন হৈছে ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ সভাপতি ৰকিবুল হুছেইন । ইতিমধ্য়ে এই সন্দৰ্ভত পঞ্চায়তৰ সভাপতিক বটদ্ৰৱা আৰক্ষীয়ে জেৰা চলাই আছে । এই ঘটনাৰ পিছতেই নগাঁৱৰ বটদ্ৰৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।