অসম

assam

By

Published : Sep 1, 2019, 2:19 PM IST

ETV Bharat / state

ই টি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : পি এম এ ৱাই গৃহ নিৰ্মাণৰ দুৰ্নীতিৰ তদন্ত ঘোষণা

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ পি এম এ ৱাইৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ বিষয়ে 30 তাৰিখে বাতৰি প্ৰকাশৰ পাচতেই গা-লৰিল মহকুমা প্ৰশাসনৰ ৷ অনীয়মৰ কথা স্বীকাৰ দণ্ডাধীশৰ ৷

কলিয়াবৰত ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ


কলিয়াবৰ,1চেপ্তেম্বৰ : ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ কলিয়াবৰত ৷ চৰ-জমীন তদন্তত পি এম এ ৱাইৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ কথা 30 তাৰিখে পোহৰলৈ আনিছিল ই টিভি ভাৰতে ৷ অৱশেষত প্ৰমাণ হ'ল এইবাতৰিৰ সত্যতা ৷ বাতৰি প্ৰকাশৰ পাচতে কলিয়াবৰৰ মহকুমাধিপতিয়ে তৎকালীনভাৱে তদন্তৰ নিৰ্দেশ দিয়ে ৷ লক্ষ্যণীয় যে, সেই সূত্ৰে মঙ্গলবাৰে বিয়লি দুগৰাকী দণ্ডাধীশে চৰ-জমীন তদন্তৰ বাবে হিতাধিকাৰীৰ নিৰ্মিয়মান পি এম এ ৱাইৰ গৃহ পৰিদৰ্শন কৰি বিভিন্ন অনিয়ম ধৰা পেলাই । হিতাধিকাৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গৃহ নিৰ্মাণৰ আসোঁৱাহসমূহ দূৰ কৰি পুনৰ নিৰ্মাণৰ নিৰ্দেশ জাৰি কৰাৰ লগতে এনে অনিয়মৰ বিষয়ে মহকুমাধিপতিক প্ৰতিবেদন দাখিল কৰিব বুলিও জনায় দণ্ডাধীশ দুগৰাকীয়ে ৷

কলিয়াবৰত ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ
আনহাতে, হাটবৰ গঁও পঞ্চায়তৰ অন্তৰ্গত পি এম এ ৱাইৰ গৃহ নিৰ্মাণৰ দুৰ্নীতিৰ লগতে "জব-কাৰ্ড"ৰ নামতো পঞ্চায়তৰ কৰ্মচাৰীয়ে টকা লয় বুলি অভিযোগ কৰিছে হিতাধিকাৰীয়ে । তেনেস্থলত দুৰ্নীতিৰ ভূ-স্বৰ্গ বুলি খ্যাত বিভাগটোয়ে এনে অভিযোগ নিৰ্মূলৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া লক্ষ্যণীয় হ'ব ৷

ABOUT THE AUTHOR

...view details