কলিয়াবৰ, ২০ মে’ : ক্ৰমাৎ ৰহস্যৰ মাজলৈ সোমাই গৈছে SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা (Junmoni Rabha accident) ৷ প্ৰতিদিনেই পোহৰলৈ আহিছে এই ঘটনাৰ ন ন তথ্য ৷ CID য়েও ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷ অৱশ্যে সদ্য প্ৰয়াত SI ৰাভাৰ মৃত্যুৰ ঘটনাটো তদন্তৰ বাবে CID ৰ পৰা CBI হৈ স্থানান্তৰ কৰা হৈছে ৷
ইয়াৰ মাজতে ঘটনা সংক্ৰান্তত পোহৰলৈ আহিছে আন এক তথ্য ৷ নিজকে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ চাক্ষুক প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসৰ সন্দৰ্ভত পোহৰলৈ আন এক তথ্য ৷ প্ৰণৱ দাসে মিছা মাতিছে বুলি এইবাৰ অভিযোগ কৰিছে প্ৰণৱ দাসে চলোৱা বুলি দাবী কৰা মেজিক বাহনখনৰগৰাকী মমী বৰাই ৷ লগতে সাংবাদিকৰ আগত কেতবোৰ মন্তব্যও কৰিছে বাহনখনৰগৰাকীয়ে ৷
মমী বৰাই উল্লেখ কৰা অনুসৰি, সদ্য প্ৰয়াত SI জোনমণিৰ মৃত্যুৰ নিশা প্ৰণৱ দাসে চলোৱা নাছিল AS১২CC০৬৫৭ নম্বৰৰ মেজিক বাহনখন (Eye witness of Junmoni Rabha death accident) । উক্ত দিনা গৰাকীৰ লগতে আছিল বাহনখন ৷ উক্ত ঘটনাৰ পূৰ্বে অৰ্থাৎ সোমবাৰে দিনৰ ভাগত প্ৰথমে শিলগুটি কঢ়িয়াই আনিছিল বাহনখনে ।
লগতে পঢ়ক :Junmoni Rabha accident:জোনমণিৰ মৃত্যুৰ তদন্ত চি বি আইক অৰ্পণ ; নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি