অসম

assam

By

Published : Oct 21, 2020, 11:31 AM IST

Updated : Oct 21, 2020, 7:26 PM IST

ETV Bharat / state

সাম্প্ৰতিক বিষয়ৰ অনলাইন শিক্ষা দানেৰে উজলিছে মাদ্ৰী কাকতি

সামাজিক মাধ্যম শিক্ষণ প্ৰক্ৰিয়াৰে এক ব্যতিক্ৰমী প্ৰয়াস আৰম্ভ কৰিছে এগৰাকী অসম কন্যাই। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগৰ অধ্যাপিকা অসম কন্যাই ৰাজনৈতিক সজাগতা অনাৰ উদ্দেশ্যৰে আৰম্ভ কৰিছে এনে শিক্ষণ প্ৰক্ৰিয়া ।

Overseas reputation of Assam girls
বিদেশত সুনাম অসম কন্যাৰ

নগাঁও,21অক্টোবৰ:এক ব্যতিক্ৰমী প্ৰয়াস এগৰাকী অসম কন্যাৰ ৷ ইংৰাজী শিক্ষণৰ জৰিয়তে ৰাজনৈতিক,সামাজিক সজাগতা অনাৰ চেষ্টা অসম কন্যা গৰাকীৰ। এই অসম কন্যা গৰাকী হৈছে মাদ্ৰী কাকতি ৷ মাদ্ৰী কাকতিয়ে 'ভিজুৱেল নেবাৰহুড টিছাৰ' নামৰ অনলাইন শিক্ষণ শৈলীৰে সমাজৰ পৰা ইংৰাজী ভাষাৰ প্ৰতি থকা দুৰ্বলতা তথা অন্যায়বোৰ আঁতৰাৰ প্ৰচেষ্টা হাতত লৈছে ৷

অনলাইন শিক্ষাৰে বিদেশত সুনাম অসম কন্যাৰ

উল্লেখ্য যে,নগাঁৱৰ বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি আৰু অৱসৰপ্ৰাপ্ত অধ্যাপিকা মুনি কাকতিৰ কন্যা মাদ্ৰী কাকতি বৰ্তমান লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগৰ অধ্যাপিকা। সাম্প্ৰতিক এক জটিল ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতি সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে মাদ্ৰী কাকতিয়ে আৰম্ভ কৰিছে এই ব্যতিক্ৰমী প্ৰয়াস । সামাজিক মাধ্যমত ব্যতিক্ৰমী শৈলীৰে ইংৰাজী শিক্ষণৰ জৰিয়তে ৰাজনৈতিক আৰু সামাজিক সচেতনতা অনাৰ চেষ্টা আৰম্ভ কৰিছে এইগৰাকী অসম কন্যাই । চৰকাৰে গ্ৰহণ কৰা কৃষক বিৰোধী বিধেয়ক,ক'ভিড-১৯ সৃষ্ট পৰিৱেশ, ৰাইজক কৰা শোষণ, দুৰ্নীতি, নাৰী নিৰ্যাতন আদিৰ বিষয়ে স্থান পাইছে মাদ্ৰীৰ অনলাইন ইংৰাজী শিক্ষণ শৈলীত ।

শিবানন্দ কাকতিৰ মন্তব্য

সাম্প্ৰতিক পৰিস্থিতিৰ উদাহৰণৰে আৰম্ভ কৰা ইংৰাজী শিক্ষণ শৈলীৰ ইতিমধ্যেই কনজাংচন, নাউন, বাক্য, একটিভ ভইচ, শব্দকোষ আদিৰ শিক্ষা সম্পন্ন কৰিছে । ' ভিজুৱেল নেবাৰহুড টিছাৰ' নামৰ এই ব্যতিক্ৰমী শিক্ষণ শৈলীৰে মাদ্ৰীয়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে দেশ তথা বিদেশত। দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ত ভাষাতত্ব বিভাগৰ শিক্ষা শিক্ষা গ্ৰহণ কৰা মাদ্ৰী কাকতিয়ে ২০১৪-১৫ বৰ্ষত ফুল ব্ৰাইট ফেল'শ্বিপো লৈ নিউয়ৰ্ক বিশ্ববিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে প্ৰশিক্ষণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ।

মাদ্ৰীৰ এই পদক্ষেপক বিভিন্নজনে প্ৰশংসা কৰাৰ লগতে বিশিষ্ট গল্পকাৰ তথা মাদ্ৰীৰ পিতৃ শিবানন্দ কাকতিয়েও লৈছে শলাগ । সমাজত সংঘটিত হৈ থকা অন্যায় অবিচাৰৰ বিৰুদ্ধে এয়াও এক বলিষ্ঠ কণ্ঠ বুলিও মন্তব্য কৰে শিবানন্দ কাকতিয়ে ।

অন্য এক খবৰৰ বাবে: ক'ভিড প্ৰটকল ভংগ কৰিলে সন্মুখীন হ'ব আইনগত শাস্তিৰ

Last Updated : Oct 21, 2020, 7:26 PM IST

ABOUT THE AUTHOR

...view details