চামগুৰি, 1 চেপ্তেম্বৰ:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ চামগুৰিতো বৃদ্ধি পাইছে একাংশ ডাম্পাৰৰ দৌৰাত্ম্য ৷ সাধাৰণ নাগৰিকৰ জীৱন দূৰ্বিসহ কৰি তোলা এই ডাম্পাৰসমূহক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ ব্যৰ্থতাই জনসাধাৰণক অতিষ্ঠ কৰি তোলা পৰিলক্ষিত হৈছে (Overload dumper running at high speed) ৷ শেহতীয়াকৈ চামগুৰিৰ আমনিৰ পৰা শালনা সংযোগী পথছোৱাত বৃদ্ধি পাইছে শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ৷ এই লৈ অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ (Over loading Dumper news) ৷
বৃহস্পতিবাৰে অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আমনিৰ আমলখিত বহুকেইখন শিল কঢ়িওৱা ডাম্পাৰ আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (ATSA protest at Samaguri) ৷ ইফালে অতিমাত্ৰা শিল কঢ়িওৱা ডাম্পাৰসমূহ চলাচল কৰি থকাৰ ফলত আমনিৰ পৰা শালনা সংযোগী পথছোৱাৰ অৱস্থা ক্ৰমশঃ তথৈবচ হৈ পৰিছে ( Poor condition of road) ৷ যাৰ বাবে নিতৌ জমৰ যান্ত্ৰণা ভোগ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰী, গৰ্ভৱতী মহিলা, বৃদ্ধ-বণিতাকে ধৰি সৰ্বসাধাৰণ ৰাইজে ।