অসম

assam

ETV Bharat / state

নগাঁৱৰ হয়বৰগাঁৱত ব্যাপক ভিৰ, তীব্ৰ যান জঁট - সাপ্তাহিক লক ডাউন

শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত সাপ্তাহিক লক ডাউন ঘোষণা কৰাৰ লগতে, সপ্তাহৰ সকলো দিনতে পথৰ এটা নিৰ্দিষ্ট দিশতহে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ খোলাৰ ক্ষেত্ৰত নিৰ্দেশনা প্ৰদান কৰিছিল প্ৰশাসনে ৷ কিন্তু এই নিৰ্দেশনা উলংঘন কৰাৰ দৃশ্য পৰিলক্ষিত হয় নগাঁৱৰ হয়বৰগাঁৱত ৷

নগাঁৱৰ হয়বৰগাঁও
নগাঁৱৰ হয়বৰগাঁও

By

Published : Aug 7, 2020, 10:58 PM IST

নগাঁও, 7 আগষ্ট:কৰ'ণাৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত জাৰি কৰিছে সাপ্তাহিক লক ডাউন ৷ আনহাতে সপ্তাহৰ অন্য দিনসমূহত দোকান-পোহাৰ আদি খোলাৰ ক্ষেত্ৰতো প্ৰদান কৰিছে বিশেষ নিৰ্দেশনা ৷ বাৰ অনুযায়ী সপ্তাহৰ সকলো দিনতে পথৰ সোঁ অথবা বাওঁ নিৰ্দিষ্ট এটা দিশতহে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ খোলাৰ ক্ষেত্ৰত প্ৰশাসনে প্ৰদান কৰিছে নিৰ্দেশনা ৷

নগাঁৱৰ হয়বৰগাঁৱত ব্যাপক ভিৰ, তীব্ৰ যান জঁট

কিন্তু ইমানৰ পাচতো শুকুৰবাৰে নগাঁৱৰ হয়বৰগাঁৱত দেখিবলৈ পোৱা গ'ল ব্যাপক ভিৰৰ লগতে অত্যাধিক যান-জঁট ৷ পথৰ দুয়োকাষে দেখিবলৈ পোৱা গ'ল দোকান আৰু গাড়ীৰ পাৰ্কিং ৷ কৰ'ণা সৃষ্ট পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সামাজিক দূৰত্ব মানি চলাৰ নিৰ্দেশনা জাৰি কৰিছে যদিও, নগাঁৱৰ হয়বৰগাঁও অঞ্চলত দেখিবলৈ পোৱা নগ'ল ইয়াৰ প্ৰভাৱ ৷ ইয়াৰ পৰিৱৰ্তে জধে-মধে খোলা দোকানসমূহক বাধা প্ৰদান কৰিবলৈ গৈ ব্যৱসায়ী সকলৰ হংকাৰৰ সন্মুখীন হ'ল স্থানীয় লোক ৷ বাৰম্বাৰ নগাঁও যান-বাহন আৰক্ষীৰ তৰফৰ পৰা এই নিৰ্দেশনাৰ বিষয়ে ঘোষণা কৰাৰ পাচতো নিয়ম উলংঘা কৰিছে একাংশ ব্যৱসায়ীৰ লগতে, স্থানীয় লোকে ৷ আনহাতে পদপথত ফলৰ ব্যৱসায় কৰা ব্যৱসায়ী সকলৰ সৈতে আৰক্ষীৰ যান-বাহন আৰক্ষীৰ বুজাবুজি থকা বুলিও অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকে ৷

লগতে পঢ়ক:গুৰুতৰ ৰোগীক পৰ্যাপ্ত চিকিৎসা প্ৰদানৰ দাবীৰে যোৰহাটত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details