চামগুৰি,৪ ফেব্ৰুৱাৰী :ৰাজ্যজুৰি অব্যাহত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ (Outsourcing panchayat employees protest)। অসমৰ ভিন্ন প্ৰান্তৰ লগতে চামগুৰিৰ বাজিয়াগাঁও উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখতো কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বাজিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ঠিকাভিত্তিক কৰ্মচাৰীসকলে ।
৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ বাবে ROP ব্যৱস্থা, কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য, চৰকাৰী কৰ্মচাৰীয়ে পোৱা সকলো সুবিধা প্ৰদান, বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা তথা যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ঠিকাভিত্তিক কৰ্মচাৰী সকলে ।