নগাঁও, 28 নৱেম্বৰ :প্ৰদীপ দত্ত ৰয়ৰ আঁৰত অপশক্তি আৰু বিৰোধী শক্তি জড়িত আছে(Opposition behind Pradeep Dutta Roy) বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ দেওবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত সভাপতি কলিতাই কয়, অসমতে মাতৃভাষাক অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব(Pradip Dutta Roy controversy) ৷
"এটা চক্ৰই অসমীয়া আৰু বাঙালীৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ ষড়যন্ত্ৰ চলাই আছে ৷ প্ৰদীপ দত্ত ৰয়ৰ দৰে নেতাৰ কথা বৰাকবাসীয়েও গুৰুত্ব নিদিয়ে ৷"এই মন্তব্য ভৱেশ কলিতাৰ ৷
ইয়াৰ লগতে কমলাক্ষ দে’ পুৰকায়স্থ সন্দৰ্ভতো বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে (Bhabesh Kalita on Kamalakhya Dey Purkayastha) ৷ প্ৰদীপ দত্ত ৰয়ৰ আঁৰত বিৰোধী শক্তি জড়িত থকা বুলি ইতিমধ্যে সকলোৱে সন্দেহ প্ৰকাশ কৰিছে ৷ প্ৰদীপ দত্ত ৰয়ৰ আঁৰত বিৰোধী শক্তি নাথাকিলে কমলাক্ষ দে’ পুৰকায়স্থই প্ৰদীপ দত্ত ৰয়ক সমৰ্থন নকৰে বুলি কয় ভৱেশ কলিতাই ।
প্ৰদীপ দত্ত ৰয়ৰ আঁৰত আছে বিৰোধী শক্তি: ভৱেশ কলিতা উল্লেখ্য যে, অসমত অসমীয়া আৰু বাঙালীৰ সম্প্ৰদায়ৰ লোক সকল একতাৰ বান্ধোনেৰে বান্ধ খাই আছে ৷ গতিকে এই বান্ধোন কোনো ষড়যন্ত্ৰকাৰীয়ে ছিঙিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে ভৱেশ কলিতাই ৷
লগতে পঢ়ক:Encroachment at Nagaon : থলুৱাৰ ম্যাদী মাটিত গোজেই গজালি হৈছে সন্দেহযুক্ত নাগৰিক !