কলিয়াবৰ,29 মে’: ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ এইবাৰ কলিয়াবৰ আৰক্ষীৰ জালত পৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ শুকুৰবাৰে নিশা কলিয়াবৰত জখলাবন্ধা আৰক্ষী নিৱেশৰ আৰক্ষী বিষয়া উদয়ক বসুমতাৰীৰ নেতৃত্বত চলা এক অভিযানত কৃষ্ণমণি দাস আৰু আমিৰ হামজা নামৰ দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, বিগত 28 এপ্ৰিলত আৰক্ষীৰ চকুত ধূলি দি পলাই যোৱা ড্ৰাগছ সৰবৰাহকাৰী কৃষ্ণমণি দাস আৰু আমিৰ হামজা আৰক্ষীৰ জালত পৰে । দুয়োৰে বিৰুদ্ধে দীৰ্ঘদিন ধৰি কলিয়াবৰৰ জখলাবন্ধাত ড্ৰাগছৰ অবৈধ সৰবৰাহত জড়িত থকাৰ এক অভিযোগ উত্থাপন হৈ আহিছিল ৷ এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কৃষ্ণমণি দাসক শুকুৰবাৰে নিশা জখলাবন্ধাৰ শেনচোৱাৰ নিজ ঘৰৰ পৰা কৰায়ত্ত কৰে আৰক্ষীয়ে ।