কলিয়াবৰ,২০ আগষ্ট: ক'ৰণাৰ সন্ত্ৰাসৰ বাবে যোৱা মাৰ্চ মাহৰ শেষৰ ফালৰ পৰা বন্ধ ৰাখিব লগা হৈছে শিক্ষানুস্থান সমূহ । এয়া কেৱল অসমতে নহয় দেশ তথা বিশ্বৰ প্ৰায় সকলোবোৰ শিক্ষা প্ৰতিস্থান হৈ আছে বন্ধ । মহামাৰী ক'ৰণাৰ সন্ত্ৰাসৰ এই জটিল সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক দিশটো আগবঢ়াই নিয়াৰ বাবে এতিয়া একমাত্ৰ ব্যৱস্থা হিচাবে চিহ্নিত হৈছে অনলাইন শিক্ষা ব্যৱস্থা ।
এই অনলাইন শিক্ষা ব্যৱস্থা ভাৰতবৰ্ষৰ বাবে সুচল, সহজসাধ্য নহয় । তথাপিও সময়ৰ আহ্বানত কমকৈ হ'লেও ই এক গতি লাভ কৰিছে । অসমতো শিক্ষানুষ্ঠান সমূহ বন্ধৰ সময়ছোৱাত নগৰ-চহৰত এই ব্যৱস্থাৰ জৰিয়তে চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰম আগবঢ়াই নিয়াত যত্নপৰ হোৱা দেখিবলৈ পোৱা গৈছে ।
এই পদ্ধতিৰে শিক্ষাদানৰ সফলতা-বিফলতা অৱশ্যে আন এক বিষয় । কিন্তু কিছুমান শিক্ষানুষ্ঠান আৰু শিক্ষকৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাও দেখা গৈছে । অভিভাৱক সকলেও এই দিশত সহযোগ আগবঢ়াই ব্যৱস্থাটোক কৰি তুলিছে গতিশীল ।
ইয়াৰ মাজতে বহু ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰিব পৰা নাই বিভিন্ন অনিবাৰ্য কাৰণত । তেনে ছাত্ৰ-ছাত্ৰ-ছাত্ৰীৰ লগত শিক্ষানুষ্ঠান কৰ্তৃপক্ষ আৰু শিক্ষকে যোগাযোগ কৰি তেওঁলোকৰ ঘৰত উপস্থিত হৈ সহায় কৰাৰো অলেখ উদাহৰণ দেখিবলৈ পোৱা গৈছে, যিটো অতিকে প্ৰশংসনীয় ।
এই অনলাইন প্ৰদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে কলিয়াবৰৰ অন্যতম বেচৰকাৰী অগ্ৰণী শিক্ষানুষ্ঠান শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয় খনেওঁ পাঠ্যক্ৰম আগবঢ়াই নিছে । প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ বাবে হোৱাট্চএপৰ জৰিয়তে প্ৰতিদিনাই নিৰবিচ্ছিন্নভাৱে চলাই গৈছে পাঠদান ।
অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰতো অনলাইন শিক্ষাৰে পাঠদান যোৱা ১০ আগষ্টৰ পৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক মূল্যায়নৰ বাবে অনলাইন যোগে এক পৰীক্ষাৰ ব্যৱস্থা কৰাৰ পিছত মূল্যায়নৰ কাম-কাজ আৰম্ভ কৰিছে বিদ্যালয়খনে । বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, শিক্ষক আৰু অভিভাৱকে এই শিক্ষা ব্যৱস্থাৰ বিষয়ে ইটিভি ভাৰতক জনালে নিজৰ মতামত ।
অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰতো অনলাইন শিক্ষাৰে পাঠদান বিদ্যালয়ৰ প্ৰতিজন শিক্ষকে বিষয় অনুযায়ী পাঠদান কৰি ছাত্ৰ-ছাত্ৰীসকলক ঘৰতে বিদ্যালয়ৰ পৰিৱেশ এটা দিয়াৰ বাবে চেষ্টা কৰিছে । অৱশ্যে তাৰ মাজতে যিসকল ছাত্ৰ-ছাত্ৰী অনিবাৰ্য সমস্যাৰ বাবে হোৱাট্চএপৰ সুবিধা সমূহৰ পৰা বঞ্চিত হৈ আহিছে তেনে ছাত্ৰ-ছাত্ৰীৰ লগতো যোগাযোগ অব্যহত ৰাখিছে শিক্ষকসকলে ।