অসম

assam

ৰাইজৰ দলৰ নেতা কমল মেধিৰে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ...

By

Published : Dec 28, 2020, 5:50 PM IST

কৃষক মুক্তি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা কমল মেধিয়ে পুনৰ এবাৰ অখিল গগৈৰ সংগ দিবলৈ যোগদান কৰিছে ৰাইজৰ দলত ৷ বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত সময়ৰ আহ্বানত সকলো আঞ্চলিক ৰাজনৈতিক দল তথা জনগোষ্ঠীয়ে সন্মিলিত ভাৱে যুঁজ দিবলৈ আহ্বান জনায় কমল মেধিয়ে ৷

one-to-one-with-kamal-medhi
ৰাইজৰ দলৰ নেতা কমল মেধিৰে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ...

নগাঁও, 28 ডিচেম্বৰ :অখিল গগৈ আৰু ৰাইজৰ দল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাইজৰ দলৰ নেতা কমল মেধিয়ে ৷ কৃষক মুক্তিৰ নেতা হিচাপে অখিল গগৈৰ সংগ দি পৰৱৰ্তী সময়ত কৃষক মুক্তি ত্যাগ কৰিছিল কমল মেধিয়ে ৷ কৃষক মুক্তি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা কমল মেধিয়ে পুনৰ এবাৰ অখিল গগৈৰ সংগ দিবলৈ যোগদান কৰিছে ৰাইজৰ দলত ৷

নেতাগৰাকীয়ে ইটিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত অখিল গগৈৰে এসময়ত কিছু মতবিৰোধ ঘটাৰ বাবে অখিল গগৈৰ সংগ এৰিলেও পুনৰ এবাৰ বিজেপিৰ ৰাজনৈতিক হাতোৰাৰ পৰা অসমৰ জাতীয় অস্তিত্বক বিপন্ন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰাইজৰ দললৈ অহা বুলিও জানিবলৈ দিছে ৷ বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত সময়ৰ আহ্বানত সকলো আঞ্চলিক ৰাজনৈতিক দল তথা জনগোষ্ঠীয় সংগঠনে সন্মিলিত ভাৱে যুঁজ দিবলৈ আহ্বান জনায় কমল মেধিয়ে ৷

তদুপৰি ৰাইজৰ দলৰ ভৱিষ্যত ৰূপৰেখা আগন্তুক 7, 8 আৰু 9 জানুৱাৰীত মৰাণত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক অভিৱৰ্তনত নিৰ্ধাৰণ কৰা হ‘ব বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৷

ৰাইজৰ দলৰ নেতা কমল মেধিৰে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ...

আনহাতে, কাৰাগাৰত থাকিয়েই অখিল গগৈয়ে লিখি আছে গ্ৰন্থ তথা কাৰাগাৰৰ পৰা মুকলি হোৱাৰ লগে লগেই অখিল গগৈয়ে গ্ৰন্থ প্ৰকাশ কৰিব বুলিও জানিবলৈ দিয়ে কমল মেধিয়ে । অখিল গগৈ কাৰামুক্ত হ’লেই অসমত ৰাজনৈতিক ছুনামি আৰম্ভ হ'ব বুলিও ভাষ্য আগবঢ়ায় মেধিয়ে ৷

লগতে পঢ়ক: কলিয়াবৰত জিঅ'বেগ স্থাপনৰ নামত দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details