অসম

assam

ETV Bharat / state

কলিয়াবৰত মেনিনগ'-এনকেফেলাইটিছত আক্ৰান্ত ছাত্ৰীৰ মৃত্যু - কলিয়াবৰ শংকৰদেৱ শিশু নিকেতন

কলিয়াবৰ শংকৰদেৱ শিশু নিকেতনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মৌচুমী বৰা প্ৰায় এসপ্তাহ ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ আছিল। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিক ভেঙুচালি কৰি শনিবাৰে নিশা মৃত্যু হয় ছাত্ৰীগৰাকীৰ ৷

কলিয়াবৰ
কলিয়াবৰত মেনিনগ'-এনকেফেলাইটিছত মেধাৱী ছাত্ৰীৰ

By

Published : Dec 23, 2019, 4:11 AM IST

Updated : Dec 23, 2019, 7:39 AM IST

কলিয়াবৰ, 22 ডিচেম্বৰঃ কলিয়াবৰত বনৰীয়া গাহৰিৰ সন্ত্ৰাসৰ ফলত এনকেফেলইটিছ ৰোগৰ সংক্ৰমণৰ সন্দেহ কলিয়াবৰবাসীৰ ৷ দেওবাৰে এগৰাকী ১১ বছৰীয়া ছাত্ৰী জ্বৰত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ ফলত এনকেফেলাইটিছৰ আশংকা কৰিছে অঞ্চলবাসীয়ে। কলিয়াবৰত মৌচুমী বৰা নামৰ ছাত্ৰী গৰাকী জ্বৰত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱতি লোৱাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ ।

কলিয়াবৰত মেনিনগ'-এনকেফেলাইটিছত মেধাৱী ছাত্ৰীৰ

উল্লেখ্য যে,কলিয়াবৰ শংকৰদেৱ শিশু নিকেতনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মৌচুমী বৰা প্ৰায় এসপ্তাহ ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ আছিল। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিক ভেঙুচালি কৰি শনিবাৰে নিশা মৃত্যু হয় ছাত্ৰীগৰাকীৰ। কলিয়াবৰ তিনিআলিৰ দুলাল বৰাৰ কন্যা মৌচুমী বৰাৰ মৃতদেহ দেওবাৰে বাসগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। পৰিয়ালৰ তৰফৰ পৰা চিকিৎসকে মেমিনগ'-এনকেফেলাইটিছত আক্ৰান্ত হৈ ছাত্ৰীগৰাকীৰ মৃত্যু হৈছে বুলি জানিবলৈ দিয়ে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি,শংকৰদেৱ শিশু নিকেতন নামৰ বিদ্যালয়ৰ পাছফালে গেলি-পচি পৰি থকা এটা গাহৰিৰ মৃতদেহৰ পৰা বীজাণু বিয়পাৰ ফলতে ছাত্ৰী গৰাকী আক্ৰান্ত হোৱা বুলি সন্দেহ কৰে স্থানীয় ৰাইজে ৷ আনহাতে,অঞ্চলটোত বন গাহৰিৰ অবাধ বিচৰণৰ সন্দৰ্ভত বন বিভাগৰ লগতে স্থানীয় প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰি অহা হৈছিল যদিও বন বিভাগৰ লগতে প্ৰশাসনৰ তৰফৰ পৰা কোনো ব্যৱস্থা নোলোৱাৰো অভিযোগ স্থানীয় ৰাইজৰ। অঞ্চলটোত জাপানী এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগকো বিশেষ ব্যৱস্থা লোৱাৰ দাবী জনাই স্থানীয় ৰাইজে।

লগতে পঢ়কঃমহানগৰীত শ্বহীদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

Last Updated : Dec 23, 2019, 7:39 AM IST

ABOUT THE AUTHOR

...view details